শিক্ষক, কৃষকৰ মাজত আৰণ্যক-উইপ্ৰ’ ফাউণ্ডেশ্যনৰ বহনক্ষমতা শিক্ষাৰ সজাগতা সৃষ্টি

367

জৈৱ বৈচিত্ৰ্য সংৰক্ষণৰ বাবে বহনক্ষমতা শিক্ষাৰ ওপৰত আলোকপাত কৰাৰ উদ্দেশ্যে অগ্ৰণী জৈৱ বৈচিত্ৰ্য সংস্থা আৰণ্যকে উইপ্ৰ’ ফাউণ্ডেশ্যেনৰ সহযোগত আয়োজিত এক কাৰ্যসূচীত অসমৰ যোৰহাট জিলাৰ গ্ৰাম্য খণ্ডৰ প্ৰায় ৬০ জন শিক্ষক আৰু কৃষকে অংশগ্ৰহণ কৰে ।

যোৱা ২৫ অক্টোবৰত অনুষ্ঠিত এই কাৰ্যসূচীত যোৰহাট জিলাৰ বৈশহাবি চাহ বাগিছাস্থিত আৰু ২০১৯ চনত স্থাপিত অলাভজনক ষ্টাৰ্ট-আপ কৰুণা খেতি ন্যাসৰ শিক্ষক, শিক্ষাদাতা আৰু কৃষকসকলে অংশগ্ৰহণ কৰে । অংশগ্ৰহণকাৰী সকলে বিদ্যালয় চৌহদৰ চৌপাশৰ জৈৱ বৈচিত্ৰ্যক উপলব্ধি আৰু চিনাক্তকৰণ, আৱৰ্জনা ব্যৱস্থাপনা আৰু পানীৰ সংৰক্ষণ বিষয়বস্তু ভিত্তিক কাম কাজ হাতে কামে কৰে । দৰাচলতে এই সজাগতা কাৰ্যসূচীত তিনিটা মূল বিষয় ক্ৰমে – আৱৰ্জনা ব্যৱস্থাপনা, পানী সংৰক্ষণ আৰু জৈৱ বৈচিত্ৰ্যৰ ওপৰত গুৰুত্ব আৰোপ কৰা হয় ।

উল্লেখ্য যে এই ন্যাসে স্থানীয় গ্ৰাম্য লোকসকলৰ লগতে অঞ্চলটোৰ চাহ বাগিচাত বাস কৰা লোকসকলৰ সৈতে কাম কৰে আৰু শিক্ষা, জীৱিকাৰ সুযোগ, স্বাস্থ্যসেৱা আদিৰ জৰিয়তে স্থানীয় লোকসকলক সৱলীকৰণৰ চেষ্টা কৰে।

চেলেংহাট ভেলী স্কুল হৈছে অভাৱগ্ৰস্ত পৰিয়ালৰ সন্তানক শিক্ষা প্ৰদানৰ বাবে সামূহিক প্ৰচেষ্টাৰ পৰিৱেশ তন্ত্ৰ সৃষ্টিৰ জৰিয়তে তেওঁলোকৰ উদ্দেশ্যক বাস্তৱ ৰুপ দিয়াৰ দিশত গ্ৰহণ কৰা প্ৰথমটো পদক্ষেপ ।

আৰণ্যকে শুকুৰবাৰে প্ৰকাশ কৰা এটা বিবৃতিত কয়, “বৰ্তমানৰ গোলকীয় প্ৰেক্ষাপটত বহনক্ষমতা শিক্ষাৰ প্ৰয়োজনীয়তা অতি গুৱুত্বপূৰ্ণ হৈ পৰিছে। বহনক্ষমতা শিক্ষাক পাঠ্যক্ৰমত অন্তৰ্ভুক্তিয়ে ছাত্ৰ-ছাত্ৰীসকলক পৰিৱেশৰ অৱক্ষয়, প্ৰাকৃতিক সম্পদৰ হ্ৰাস, জলবায়ু পৰিৱৰ্তন, জৈৱ বৈচিত্ৰ্যৰ ক্ষতি, প্ৰাকৃতিক আৰু মানৱীয় কাৰ্যকলাপৰ ফলত হোৱা দুৰ্যোগ, স্বাস্থ্যজনিত বিপদ, মুদ্ৰাস্ফীতিজনিত অৰ্থনীতি আদিৰ জটিল আন্তঃপ্ৰাঠ্যক্ৰমিক প্ৰত্যাহ্বানসমূহ সমাধানৰ বাবে প্ৰস্তুত কৰাত সহায় কৰিব । বহনক্ষমতা শিক্ষাই প্ৰকৃতি আৰু মানুহৰ সামাজিক ন্যায় আৰু সমতাৰ বিষয়বোৰত ছাত্ৰ-ছাত্ৰী, যুৱক-যুৱতী আৰু ব্যক্তিক দায়িত্বশীল বিশ্ব নাগৰিক হিচাপে বিবেচিত স্থিতি গ্ৰহণৰ ক্ষমতা দিয়ে” ।

কাৰ্যসূচীত উপস্থিত থকা কৰুণা খেটি ন্যাসৰ প্ৰতিষ্ঠাপক আৰু কাৰ্যবাহী সঞ্চালক ড: অৰ্জুন ত্ৰিবেদীয়ে কয়, “বিদ্যালয়খনে এতিয়ালৈকে গ্ৰহণ কৰা বহনক্ষম পদ্ধতিসমূহৰ অন্যতম হিচাপে আৱৰ্জনাৰ প্ৰকাৰ অনুসৰি পৃথক কৰাৰ বাবে ডাষ্টবিন ব্যৱহাৰ কৰা হৈছে যাতে ছাত্ৰ-ছাত্ৰীসকলে আৱৰ্জনা শ্ৰেণীবিভাজনৰ সম্যক জ্ঞান লাভ কৰিব পাৰে” ।

বিদ্যালয়খনে জৈৱিক কৃষি, শৌচাগাৰৰ আৱৰ্জনাৰ পুন:ব্যৱহাৰ, বিদ্যুৎ উৎপাদনৰ বাবে হাইব্ৰিড সৌৰ ব্যৱস্থা, আৱৰ্জনা পৃথকীকৰণ আৰু পুনঃব্যৱহাৰৰ পদ্ধতি অনুসৰণ কৰি আহিছে। আৰণ্যকৰ পৰিৱেশ সমন্বয়ক ৱাছিমা বেগমে পৰিচালনা কৰা সমগ্ৰ সজাগতা কাৰ্যসূচী আৰু কৰ্মশালাখনৰ চেলেংহাট ভেলী স্কুলৰ মেনেজাৰ পল্লৱ পাত্ৰই সমন্বয় ৰক্ষা কৰে ।