লখিমপুৰ খেৰীৰ কৃষকহত্যা আৰু কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰীৰ পুত্ৰৰ যোগসূত্ৰক লৈ বুধবাৰে সংসদৰ ভিতৰত প্ৰতিবাদ সাব্যস্ত কৰে তৃণমূল কংগ্ৰেছে। উল্লেখ্য যে, ইয়াৰ পূৰ্বে বুধবাৰে এই বিষয়ক লৈ সদনত চৰকাৰৰ বিৰুদ্ধে প্ৰতিবাদত নেতৃত্ব দিছিল কংগ্ৰেছে। আজি সদনত অধিবক্তা তথা তৃণমূলৰ সাংসদ কল্যাণ বেনাৰ্জীয়ে ‘হত্যাকাৰী মন্ত্ৰীক অপসাৰণ কৰক’ শ্লোগান দি উত্তাল কৰি তোলে।তেওঁৰ সৈতে আন তৃণমূল সাংসদ সকলেও প্ৰতিবাদ সাব্যস্ত কৰে৷
প্ৰতিবাদৰ সময়ত লোকসভাৰ অধ্যক্ষ ওম বিৰলাই নিজেই কল্যাণ বেনাৰ্জীক কেইবাবাৰো নিজৰ আসনলৈ উভতি যাবলৈ অনুৰোধ জনায়৷ কল্যাণ আৰু তেওঁৰ সহযোগী তৃণমূল সাংসদসকলে থিয় হৈ তেওঁৰ অনুৰোধ নাকচ কৰি শ্ল’গান দি থাকে৷ তাৰ পিছত অধ্যক্ষৰ লোকসভা অধিৱেশন স্থগিত ৰখাৰ বাহিৰে কোনো উপায় নাছিল৷ ৰাজ্যসভাতো তৃণমূলৰ এই স্থিতি দেখা যায়।
ইফালে লোকসভাত কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে কয়, ‘তেওঁ (অজয় মিশ্ৰ) পদত্যাগ কৰিব লাগিব৷ তেওঁ অপৰাধী৷ কেন্দ্ৰীয় গৃহ ৰাজ্যমন্ত্ৰী অপৰাধী হ’লেও দলটোৱে তেওঁক লুকুৱাবলৈ চেষ্টা কৰি আছে, আমি বিচাৰো যে তেওঁক তৎক্ষণাৎ বৰ্খাস্ত কৰা হওক।’ ইফালে ৰাজ্যসভাৰ বিৰোধী দলপতিয়ে কয়, ‘আমি ২৬৭ অনুচ্ছেদৰ অধীনত ৰাজ্যসভাত লখিমপুৰ সন্দৰ্ভত আলোচনাৰ দাবী জনাইছিলো৷ সেই দাবী নাকচ কৰা হৈছে৷ উত্তৰ প্ৰদেশ আৰক্ষীৰ প্ৰতিবেদনত কোৱা হৈছে যে লখিমপুৰৰ ঘটনা পূৰ্বপৰিকল্পিত আছিল য’ত কৃষকসকলক হত্যা কৰাৰ পৰিকল্পনা কৰা হৈছিল৷ তথাপিও আমাক ৰাজ্যসভাত আলোচনা কৰিবলৈ অনুমতি দিয়া হোৱা নাই, আমাক কথা ক’বলৈ দিয়া হোৱা নাই৷’
বিজেপি সাংসদ নিশিকান্ত ডুবেয়ে বিৰোধীৰ সকলো অভিযোগ খণ্ডন কৰে৷ তেওঁ দাবী কৰে, ‘বিষয়টো উচ্চতম ন্যায়ালয়ত বিচাৰাধীন৷ বিৰোধীয়ে এই বিষয়টোক ৰাজনৈতিক লাভালাভৰ সঁজুলি হিচাপে ব্যৱহাৰ কৰি সংসদৰ অধিৱেশন অৱৰোধ কৰিছে।’ বিজেপি সূত্ৰই পুনৰ প্ৰশ্ন কৰে, ‘পুত্ৰৰ অপৰাধৰ বাবে পিতৃক মন্ত্ৰালয়ৰ পৰা কিয় আঁতৰোৱা উচিত?’
নতুন দিল্লীৰ চৰকাৰী সূত্ৰই কয় যে সংসদৰ গতি নিয়ন্ত্ৰণ কৰিবলৈ চৰকাৰৰ ভিতৰত বৈকল্পিক ধাৰণাও উত্থাপন কৰা হৈছে, য’ত মোডী চৰকাৰে নিৰ্ধাৰিত সময়ৰ আগতে শীতকালীন অধিৱেশনত সংসদৰ সম্পূৰ্ণ অধিৱেশন খন সম্পন্ন কৰিব নে নাই সেয়াও বিবেচনা কৰি আছে।