ষ্টাফ ৰিপোৰ্টাৰ, ৩০ এপ্ৰিল : কৰ’না ভাইৰাছৰ বাবে দেশত উদ্ভৱ হোৱা জটিল পৰিস্থিতিৰ মাজতো ভাৰতীয় জীৱন বীমা নিগমে ব্যৱসায়ীক প্ৰদৰ্শনৰ ধাৰা অব্যাহত ৰাখিছে। লকডাউনৰ সময়ত এল আই চিৰ বিশেষ পদক্ষেপ অব্যাহত ৰাখিছে। সেই অনুসৰি ২০১৯-২০ বিত্তীয় বৰ্ষত এল আই চি য়ে বিগত ছয় বছৰৰ ভিতৰত বৃহৎ সংখ্যক পলিছি খুলিবলৈ সক্ষম হৈছে। মাৰ্চ ২০২০ত নিগমৰ ব্যক্তিগত নতুন বিজনেছ পাৰফৰমেন্স হিচাপে ২.১৯ কোটি টা পলিছি খুলিবলৈ সক্ষম হৈছে আৰু প্ৰথম বছৰৰ প্ৰিমিয়ামত ৫১.২২৭ টকা অর্জন কৰে। এল আই চি পেঞ্চন আৰু গ্রুপ স্কিমসমূহৰ ক্ষেত্ৰত ২০১৯-২০২০ বিত্তীয় বৰ্ষৰ সময়ছোৱাত ১ লাখ কোটি টকাতকৈ অধিক প্ৰিমিয়ামৰ ধন অৰ্জন কৰে। ব্যক্তিগত বীমা কোম্পানী সমূহৰ তুলনাত প্ৰথম বৰ্ষৰ নতুন বিজনেছ প্ৰিমিয়ামত এল আই চি’য়ে ২৫.১৭ শতাংশ বিকাশৰ হাৰ লাভ কৰিবলৈ সক্ষম হৈছে।সেইদৰে লকডাউনৰ সময়ত বিগত ৩১ মাৰ্চ পৰ্যন্ত এল আই চি য়ে ২.০৩ কৌটিটা মেছুৰিটি আৰু মানিবেক ক্লেইম নিস্পত্তি কৰিবলৈ সক্ষম হৈছে আৰু ৭.৫০ লাখটা ডেঠ ক্লেইম নিস্পত্তি কৰিছে বুলি ভাৰতীয় জীৱন বীমা নিগমে এক বিবৃতি যোগে সদৰী কৰে।
Latest article
ৰাগীৰ উপকাৰীতাৰ বিষয়ে জানেনে
ৰাগী হৈছে পুষ্টিকৰ আৰু সুলভ মূল্যৰ খাদ্য যি আমাৰ শৰীৰৰ বাবে অতিকৈ লাভদায়ক, যদিও এইবিধ খাদ্য স্বাস্থ্য়ৰ বাবে উপকাৰী কিন্তু কিছুমান ক্ষেত্ৰত হ’ব পাৰে...
গৌতম গম্ভীৰক মৃত্যুৰ ভাবুকি প্ৰদান
ভাৰতৰ পুৰুষ ক্ৰিকেট দলৰ মুখ্য প্ৰশিক্ষক গৌতম গম্ভীৰক মৃত্যুৰ ভাবুকি প্ৰদান ৷ দাবী-ধমকিৰে ভৰা ই-মেইলৰ জৰিয়তে এই ভাবুকি প্ৰদান কৰা হৈছে প্ৰাক্তন ভাৰতীয় ক্ৰিকেটাৰৰ...
উত্তৰ-পূৰ্বাঞ্চলত এংকৰ অৰেল কেয়াৰৰ সম্প্ৰসাৰণ, অভিনেত্ৰী আইমী বৰুৱাক ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিযুক্তি
এংকৰ অৰেল কেয়াৰে অসমৰ জনপ্ৰিয় অভিনেত্ৰী আইমী বৰুৱাক ব্ৰেণ্ড এম্বেছাদৰ হিচাপে নিয়োজিত কৰি দুটা নতুন অভিযান— “লাল। কমাল। বেমিছাল।” আৰু “নয়ে জামানে কী নয়ী...