লকডাউনৰ পিছৰ পৰা দেশত ৮ শতাংশ বৃদ্ধি স্মাৰ্টফোনৰ বিক্ৰী

83

ডিজিটেল ডেস্কঃ মহামাৰী কোৰোনাই বিধ্বস্ত কৰিছে দেশৰ অৰ্থনীতি। কিন্তু কমা নাই স্মাৰ্ট ফোনৰ বিক্ৰী। বৰং লকডাউনৰ পিছৰ সময়ছোৱাত ৮ শতাংশ পৰ্যন্ত বৃদ্ধি পাইছে স্মাৰ্টফোনৰ বিক্ৰী। মাৰ্কেট ট্ৰেকাৰ সংস্থা কেনালিছৰ তথ্য অনুসৰি চলিত বৰ্ষৰ তৃতীয় পষেক অৰ্থাৎ জুলাই-আগষ্ট আৰু ছেপ্তেম্বৰ মাহত বজাৰত মুকলি কৰা হৈছিল স্মাৰ্টফোনৰ ৫ কোটি ইউনিট।

ভাৰতত সৰ্বাধিক বিক্ৰী হোৱা স্মাৰ্টফোনৰ তালিকাৰ শীৰ্ষত আছে চাঅ’মি কোম্পানী। ২০২০ৰ তৃতীয় পষেকত অৰ্থাৎ লকডাউনৰ পিছৰ সময়ছোৱাত ভাৰতত ৯ শতাংশ বৃদ্ধি পাইছে চাঅ’মি স্মাৰ্টফোনৰ বিক্ৰী। এই স্মাৰ্টফোন নিৰ্মাতা কোম্পানীটোৱে তৃতীয় পষেকত বজাৰত মুকলি কৰিছিল ১৩.১ মিলিয়ন ইউনিট স্মাৰ্টফোন। পিছপৰি ৰোৱা নাই দক্ষিণ কোৰিয়াৰ মোবাইল নিৰ্মাতা প্ৰতিষ্ঠান ছেমছাং। লকডাউনৰ পিছৰ সময়ছোৱাত ভাৰতত ছেমছাং স্মাৰ্টফোনৰ বিক্ৰী বৃদ্ধি পাইছে ৭ শতাংশ। এই বৃদ্ধি বিক্ৰীৰে চীনা মোবাইল কোম্পানী ভিভ’ক পিছ পেলাই ছেমছাং আছে তালিকাৰ দ্বিতীয় তালিকাত।

১৯ শতাংশ বৃদ্ধি পাইছে ভিভ’ স্মাৰ্টফোনৰ বিক্ৰী। ভিভ’ই তৃতীয় পষেকত বজাৰত ৮.৮ মিলিয়ন ইউনিট স্মাৰ্টফোন মুকলি কৰি দিছিল। এই বিক্ৰীৰে সৰ্বাধিক বিক্ৰী তালিকাৰ তৃতীয় স্থান দখল কৰিছে ভিভ’ই। আনহাতে ৮.৭ মিলিয়ন ইউনিট বিক্ৰীৰে তালিকাৰ চতুৰ্থ স্থান অধিকাৰ কৰিছে ৰিয়েলমিয়ে আৰু ৬.১ মিলিয়ন ইউনিট বিক্ৰীৰে পঞ্চম স্থানত আছে অপ’ মোবাইল কোম্পানী।

তথ্য অনুসৰি, লকডাউনৰ সময়ত আৰু পিছৰ সময়ত এমেজন, ফ্লিপকাৰ্ট আদিৰ দৰে অনলাইন মাৰ্কেট প্ৰতিষ্ঠানৰ পৰাই সৰ্বাধিক বিক্ৰী হৈছে স্মাৰ্টফোনৰ। বৰ্তমান সময়ত কম মূল্যত ভাল স্মাৰ্টফোন উপলব্ধ হোৱা হেতুকেই দেশৰ অৰ্থনৈতিক মন্দাৱস্থাৰ সময়তো স্মাৰ্টফোনৰ বিক্ৰী পূৰ্বৰ তুলনাত বৃদ্ধি পাইছে বুলি প্ৰকাশ কৰা হৈছে কেনালিছৰ তথ্যত।

আনহাতে চীনা কোম্পানী বৰ্জনৰ অভিযানৰ মাজতো চলিত বৰ্ষৰ তৃতীয় পষেকত মুঠ বিক্ৰী হোৱা স্মাৰ্টফোনৰ ৭৪ শতাংশই চীনা কোম্পানীৰ স্মাৰ্টফোন বুলি তথ্যত প্ৰকাশ। এই সংখ্যা বিগত বৰ্ষতকৈ ৭৬ শতাংশ অধিক।