যোৰাবাটত দুৰ্ধৰ্ষ ডকাইত দলৰ ৩ সদস্যক আটক আৰক্ষীৰ

402

গুৱাহাটীঃ দীৰ্ঘদিন ধৰি শিলচৰত সন্ত্ৰাস চলাই অহা এটা দুৰ্ধৰ্ষ ডকাইত দলৰ তিনি সদস্যক শনিবাৰে গ্ৰেপ্তাৰ কৰিবলৈ সক্ষম হয় যোৰাবাট আৰক্ষীয়ে।

শিলচৰৰ পৰা গুৱাহাটী অভিমুখে আহি থকা এখন তেল পৰিবাহী টেংকাৰৰ পৰা আৰক্ষীয়ে আটক কৰে দুৰ্ধৰ্ষ ডকাইত কেইটাক।

ধৃত ডকাইত কেইটাক ক্ৰমে- কামৰুল ইছলাম, আব্দুল হুছেইন বৰভূঞা, আনোৱাৰ হুছেইন লস্কৰ বুলি চিনাক্ত কৰা হৈছে।

ধৃত ডকাইত কেইটাক পৰৱৰ্তী সময়ত শিলচৰ আৰক্ষীৰ হাতত চমজাই দিয়ে যোৰাবাট আৰক্ষীয়ে।

উল্লেখ্য যে, এই দুৰ্ধৰ্ষ ডকাইতৰ দলটোৱে শিলচৰৰ বিভিন্ন প্ৰান্তত সন্ত্ৰাসৰ সৃষ্টি কৰি আৰক্ষীৰ বাবে মূৰৰ কামোৰণি হৈ পৰিছিল।