যমুনাৰ প্ৰদূষণক লৈ সদনত প্ৰতিবাদৰ পিছতে দিল্লী বিধানসভাৰ পৰা বহিস্কাৰ ৪ বিজেপি বিধায়কক…

95

যমুনা নদীৰ প্ৰদূষণৰ বিষয়ক লৈ সদনত প্ৰতিবাদৰ পিছত বুধবাৰে দিল্লী বিধানসভাৰ পৰা বহিস্কৃত হ’ল ৪ বিজেপি বিধায়ক।

বুধবাৰে বিজেপিৰ বিধায়ক অজয় মহাৱৰ, অনিল বাজপেয়ী, মোহন সিং বিষ্ট আৰু অ’ পি শৰ্মাক মাৰ্শ্বাল লগাই সদনৰ পৰা বাহিৰ কৰি দিয়ে বিধানসভাৰ অধ্যক্ষই।

ইয়াৰ পিছতে বিজেপিৰ আন আন বিধায়কসকলে সদনৰ কাম-কাজ বৰ্জন কৰাৰ সিদ্ধান্ত লয়।

প্ৰদূষণ বিষয়ক লৈ বিতৰ্কৰ অনুমতি দিবলৈ বিজেপি বিধায়কৰ অনুৰোধ নাকচ কৰে অধ্যক্ষ আৰ এন গোৱেলে।