মৰিগাঁৱত ৪ শতাধিক চিম কাৰ্ডসহ আটক চাইবাৰ অপৰাধী…

183

মঙলবাৰে নিশা মৰিগাঁও আৰক্ষীয়ে বৃহৎ পৰিমাণৰ চিম কাৰ্ড জব্দ কৰাৰ লগতে ইয়াৰ সৈতে জড়িত এজন সন্দেহযুক্ত চাইবাৰ অপৰাধীক আটক কৰে।

জিলাখনৰ মৈৰাবাৰী অঞ্চলত অৱস্থিত এটা ঘৰত অভিযান চলাই মুঠ ৪৩৮ খন চিম কাৰ্ড জব্দ কৰে।

নিৰ্দিষ্ট তথ্যৰ ভিত্তিত আৰক্ষীৰ এটা দলে অভিযান চলাই জব্দ কৰে চিমকাৰ্ডসমূহ।

ধৃত ব্যক্তিজনৰ নাম মাফিকুল ইছলাম।

অধিক সংযোগ উন্মোচনৰ বাবে তদন্ত চলি আছে।