মৰাণৰ সমীপৰ চেপনৰ এখন চাহ বাগিচাৰ প্ৰাথমিক বিদ্যালয়ত জঘন্য ঘটনা

128

মৰাণৰ সমীপৰ চেপনৰ এখন চাহ বাগিছাৰ প্ৰাথমিক বিদ্যালয়ত জঘন্য ঘটনা । বিদ্যালয়ৰ চকিদাৰৰ কামনাৰ বলী এগৰাকী দ্বিতীয় শ্ৰেনীৰ ছাত্ৰী । সুবাস সিং চৌহান নামৰ ৫৩ বছৰীয়া কৰ্মচাৰীজনে পুৱা প্ৰায় ৭ বজাত কোনো নথকাৰ সুযোগ গ্ৰহন কৰি ধৰ্ষন কৰে ছাত্ৰীগৰাকীক । ধৃত লোকজনৰ ঘৰ ২ নং চকলীয়াত । দুপৰীয়া স্কুলৰ পৰা ঘৰলৈ আহি পৰিয়ালৰ আগত ছাত্ৰীগৰাকীয়ে কোৱাৰ পিছতে সমগ্ৰ ঘটনাটি পোহৰলৈ আহে । ইয়াৰ পিছতে সন্ধিয়াৰ ভাগত ছাত্ৰী গৰাকীৰ পৰিয়ালৰ লোকে মৰাণ আৰক্ষী থানাত এজাহাৰ দাখিল কৰিছে । আৰক্ষীয়ে কেচ নং 54/23  আৰু  376/3 IPC 6 of Pocso act. ৰ অধীনত ধৃত সুবাস সিং চৌহানক গ্ৰেপ্তাৰ কৰি সোধা-পোচা অব্যাহত ৰাখিছে ।