মোডী মন্ত্ৰীসভাৰ ষষ্ঠগৰাকী কেন্দ্ৰীয় মন্ত্ৰী কোভিড পজিটিভ!

92

ডিজিটেল ডেস্কঃ মোডী মন্ত্ৰীসভাৰ কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱত আক্ৰান্ত হৈছে কোৰোনাত। বৃহস্পতিবাৰে মন্ত্ৰীগৰাকীয়ে নিজেই টুইটযোগে কোভিড পজিটিভ হোৱাৰ বিষয়ে জানিবলৈ দিয়ে। তেওঁ টুইটত লিখিছে যে দেহত কিছু কোৰোনাৰ লক্ষণ দেখা দিয়াত তেওঁ কোভিড টেষ্ট কৰোৱায় আৰু ৰিজাল্ট পজিটিভ আহে। উল্লেখ্য যে, গজেন্দ্ৰ সিং শ্বেখাৱতৰ লগতে এতিয়ালৈকে মুঠ ৬ গৰাকী কেন্দ্ৰীয় মন্ত্ৰী কোৰোনাত আক্ৰান্ত হৈছে।

ইয়াৰ পূৰ্বে কেন্দ্ৰীয় গৃহ মন্ত্ৰী অমিত শ্বাহ, আয়ুস মন্ত্ৰী শ্ৰীপদ নায়ক, কৈলাশ চৌধুৰী, অৰ্জুন ৰাম মেঘৱাল, ধৰ্মেন্দ্ৰ প্ৰধান কোভিড-১৯ত আক্ৰান্ত হৈছিল। তদুপৰি মধ্যপ্ৰদেশৰ মুখ্যমন্ত্ৰী শিৱৰাজ সিং চৌহান আৰু কৰ্ণাটকৰ মুখ্যমন্ত্ৰী বি এছ য়েদেয়ুৰাপ্পাও কোভিড-১৯ত আক্ৰান্ত হৈছিল।

ইফালে কোভিড-১৯ত আক্ৰান্ত ৫২ বৰ্ষীয় কেন্দ্ৰীয় মন্ত্ৰী গজেন্দ্ৰ সিং শ্বেখাৱতে মঙলবাৰে হাৰিয়ানাৰ মুখ্যমন্ত্ৰী এম এল খট্টৰৰ সৈতে বৈধকত মিলিত হোৱা বুলি জানিব পৰা গৈছে। কেন্দ্ৰীয় মন্ত্ৰীগৰাকীক বৃহস্পতিবাৰে দিল্লীৰ সমীপৱৰ্তী গুৰগাঁৱৰ মেদান্ত হাস্পতালত ভৰ্তি কৰা হ’ব বুলি চৰকাৰে সূত্ৰে প্ৰকাশ।