মুকালমুৱাৰ তাপাবড়ীত বজ্ৰপাত পৰি ১০ বছৰীয়া শিশু আহত

88

মুকালমুৱাৰ তাপাবড়ীত আজি বজ্ৰপাত পৰি এজন শিশু গুৰতৰ ভাবে আহত হয়। বজ্ৰপাত পৰি আহত হোৱা শিশুটি কৃতিকা বৰ্মন৷ শিশুটিৰ গাত বজ্ৰপাত পৰাৰ লগে লগে জ্বলি উঠি শিশুটিয়ে পৰিধান কৰা পোচাক৷ বজ্ৰপাতত শিশুটিৰ দেহৰ সোঁফালৰ অংশ জ্বলি যায়৷

শিশুটিক সম্প্ৰতি মুকালমুৱা চিকিৎসালয়ত ভৰ্তি কৰা হৈছে যদিও উন্নত চিকিৎসাৰ বাবে গুৱাহাটী মেডিকেল কলেজ হাস্পতাললৈ প্ৰেৰণ কৰা হব বুলি জানিব পৰা গৈছে। উল্লেখ্য যে, অঞ্চলটোত দি থকা মুষলধাৰ বৰষুণৰ মাজতে চোতালত বজ্ৰপাত পৰে কেশৱ বৰ্মণৰ কন্যা কৃতিকাৰ ওপৰত।