মুকলি কৰা হল ডিব্ৰুগড়-ইম্ফল বিমান সেৱা

952

ডিব্ৰুগড়ৰ পৰা মণিপুৰৰ ৰাজধানী ইম্ফললৈ মুকলি কৰা হৈছে বিমানসেৱা। ‘উড়ান’ কাৰ্যসূচীৰ অধীনত মঙলবাৰে এই বিমান সেৱাৰ মুকলি কৰে ডিব্ৰুগড় বিমান বন্দৰৰ সঞ্চালক আৰ অৱস্তি।

উল্লেখ্য যে, ডিব্ৰুগড়ৰ পৰা ইম্ফললৈ বিমান যাত্ৰাত সময় লাগিব ১ ঘণ্টা ১৫ মিনিট। বৰ্তমান ডিব্ৰুগড়ৰ পৰা ইম্ফললৈ চলি আছে ৯ খনকৈ যাত্ৰীবাহী বিমান। যাৰ জৰিয়তে প্ৰতিদিনে ১২০০ যাত্ৰীয়ে অহা-যোৱা কৰে। এই বিমান সেৱা মুকলিৰ ফলত যাত্ৰীসকলৰ যথেষ্ট সুবিধা হ’ব বুলি আশা কৰা হৈছে।