বুধবাৰে মিজোৰামত এখন নিৰ্মীয়মান ৰেলৱে’ ব্ৰীজ খহি পৰাৰ ফলত ১৭ জন শ্ৰমিকৰ মৃত্যুৰ লগতে কেইবাজনো আহত হোৱা এই ঘটনাত গভীৰ শোক প্ৰকাশ কৰে কংগ্ৰেছ নেতা ৰাহুল গান্ধীয়ে।
ৰাহুল গান্ধীয়ে সকলো কংগ্ৰেছ কৰ্মীক সাহায্য আৰু উদ্ধাৰ প্ৰচেষ্টাত সম্ভৱপৰ সকলো সহায় আগবঢ়াবলৈ আহ্বান জনায়।
নিজৰ অফিচিয়েল এক্স হেণ্ডেলত ৰাহুলে লিখিছে, “মিজোৰামত নিৰ্মাণাধীন ৰে’লৱে অভাৰব্ৰিজ ভাঙি পৰাৰ ফলত কেইবাজনো লোকৰ মৃত্যুৰ মৰ্মান্তিক খবৰটোৱে গভীৰভাৱে দুখ দিছে। শোকসন্তপ্ত পৰিয়ালবৰ্গলৈ মোৰ গভীৰ সমবেদনা জ্ঞাপন কৰিলো। আহত সকলৰ আশু আৰোগ্য কামনা কৰিলোঁ। মই কংগ্ৰেছ কৰ্মীসকলক সাহায্য আৰু উদ্ধাৰ প্ৰচেষ্টাত সকলো ধৰণৰ সহায় আগবঢ়াবলৈ আহ্বান জনাইছো।”
ইফালে ৰে’ল মন্ত্ৰী অশ্বিনী বৈষ্ণৱে মিজোৰামত নিৰ্মাণৰত এখন দলং ভাঙি মৃত্যু হোৱা শ্ৰমিকৰ আত্মীয়ক ১০ লাখ টকাৰ ক্ষতিপূৰণ দিয়াৰ কথা ঘোষণা কৰিছে।
লগতে সামান্য আঘাতপ্ৰাপ্ত সকলক ২ লাখ টকাৰ এককালীন ক্ষতিপূৰণ দিয়াৰ কথাও ঘোষণা কৰে।
মিজোৰামৰ ছাইৰাং অঞ্চলৰ সমীপত নিৰ্মাণাধীন ৰে’ল দলংখন ভাঙি পৰাত কমেও ১৭ জন শ্ৰমিক নিহত হোৱাৰ লগতে আন কেইবাজনো শ্ৰমিক আবদ্ধ হৈ পৰাৰ আশংকা কৰা হৈছে।
আইজলৰ পৰা প্ৰায় ২১ কিলোমিটাৰ দূৰত্বত অৱস্থিত এই স্থানত প্ৰায় ৩৫-৪০ জন শ্ৰমিক উপস্থিত আছিল।