মাতৃ-পত্নীক হত্যা এছিয়ান চেম্পিয়নশ্বিপত পদকজয়ী প্ৰাক্তন ভাৰতীয় ক্ৰীড়াবিদৰ

85

ডিজিটেল ডেস্কঃ এক লোমহৰ্ষক হত্যাকাণ্ড! নিজ মাতৃ আৰু পত্নীক হত্যা কৰি হত্যাকাৰীয়ে নিজেই আৰক্ষী, পুত্ৰ-কন্যাক ফোন কৰি জনালে হত্যা কৰাৰ বিষয়ে। কিন্তু কি কাৰণে এই হত্যাকাণ্ড সংঘটিত কৰিলে, সেয়া ক’বলৈ মান্তি নহয় হত্যাকাৰী। হত্যাকাৰীৰ নিজৰ দেহতো চুৰিকাঘাতৰ চিন স্পষ্ট। সম্প্ৰতি আৰক্ষীৰ জিম্মাত থকা এই হত্যাকাৰীজন একালৰ পদক বিজয়ী এথলিট।

১৯৮৩ চনত কুৱেইট এছিয়ান এথলেটিকছ চেম্পিয়নশ্বিপত ভাৰতক প্ৰতিনিধিত্ব কৰি শ্বট পুটত ব্ৰঞ্জ পদক জয়ী কৰিবলৈ সক্ষম হৈছিল ইকবাল সিঙে। তাৰ পিছত তেওঁ আমেৰিকালৈ গুছি যায় আৰু তাতেই টেক্সী চলাবলৈ আৰম্ভ কৰে। আমেৰিকাতে নিগাজিকৈ থাকিবলৈ লোৱা ইকবাল সিং নামৰ প্ৰাক্তন ভাৰতীয় এথলিটজনেই দেওবাৰে নিশা হত্যা কৰিছে নিজৰ মাতৃ আৰু পত্নীক।

আমেৰিকাৰ পেনচিলভেনিয়াৰ ডেলৱাবেৰৰ নিজ বাসগৃহত এই হত্যা সংঘটিত কৰি ৫২ বৰ্ষীয় হত্যাকাৰী ইকবাল সিঙে নিজেই আৰক্ষীক ফোন কৰে। তাৰ পিছত ঘৰৰ বাহিৰত থকা পুত্ৰ আৰু কন্যাকো ফোন কৰি জনায় মাতৃ-পত্নীক হত্যা কৰাৰ কথা। পিছত ঘটনাস্থলীত আৰক্ষী উপস্থিত হৈ দুটা ৰক্তাক্ত মৃতদেহ উদ্ধাৰ কৰে। আৰক্ষীয়ে সদৰী কৰা মতে, ইকবালে ডিঙি ৰেপি হত্যা কৰিছিল মাতৃ-পত্নীক।

প্ৰাক্তন এথলিট ইকবাল সিঙে কিয় এই হত্যাকাণ্ড সংঘটিত কৰিলে সেয়া এতিয়াও অস্পষ্ট। কিয়নো হত্যাকাৰী ইকবালে হত্যাৰ কৰা স্বীকাৰ কৰিলেও হত্যাৰ কাৰণ জনাব বিচৰা নাই আৰক্ষীৰ সন্মুখত। কিন্তু আৰক্ষীয়ে সন্দেহ প্ৰকাশ কৰা মতে, ইকবালে পাৰিবাৰিক কাৰণতে এই হত্যাকাণ্ড সংঘটিত কৰিছে।