মাজুলীত উপস্থিত মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা, নৱেম্বৰৰ পৰা আৰম্ভ হব নিমাতী-মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য

90

কালি নিমাতীঘাটত সংঘটিত শোকাবহ জাহাজ দুৰ্ঘটনাৰ পিছত আজি মাজুলীত উপস্থিত হৈ দুৰ্ঘটনাস্থলী পৰিদৰ্শন কৰে মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাই। দুৰ্ঘটনা সন্দৰ্ভত ফৌজদাৰী গোচৰ ৰুজু কৰি তদন্ত আগবঢ়াবলৈ নিৰ্দেশ দিয়ে মুখ্যমন্ত্ৰীয়ে।

ইফালে যোৰহাট-মাজুলীৰ মাজত এটা ইঞ্জিন থকা ফেৰী চলাচল আজিৰ পৰা বন্ধ কৰাৰ ঘোষণা কৰে মুখ্যমন্ত্ৰীয়ে। তাৰ বিপৰীতে একক ইঞ্জিনৰ ফেৰীসমূহ ডাবল ইঞ্জিন কৰিবলৈ চৰকাৰে ১০ লাখ টকাকৈ প্ৰদান কৰিব বুলিও ঘোষণা কৰে তেওঁ।

আনহাতে মুখ্যমন্ত্ৰীয়ে কয় যে আজিৰে পৰা নিমাতী-মাজুলীত দুখন ৰ’পেস্ক সহ ছখন চৰকাৰী জাহাজ চলিব। ইফালে নৱেম্বৰ মাহৰ পৰা আৰম্ভ হব নিমাতী মাজুলী সংযোগী দলঙৰ নিৰ্মাণ কাৰ্য।চাৰিবছৰত সম্পূৰ্ণ হব দলঙৰ কাম। দলং নিৰ্মাণৰ কাম পূৰ্ণগতিত চলিলেও ৪ বছৰৰ পূৰ্বে কাম সম্পূৰ্ণ নহয় বুলি কয় মুখ্যমন্ত্ৰীয়ে।

নিমাতীৰ ঘটনাত মৃত্যু হোৱা পৰিমিতাৰ পৰিয়ালক সকলো প্ৰকাৰে সহায় কৰিব চৰকাৰে। প্ৰয়োজনত আত্মীয়ক দিব সংস্থাপন।