মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত দক্ষিণ কামৰূপত যুৱকক আটক

85

মাওবাদীৰে সম্পৰ্ক থকাৰ অভিযোগত দক্ষিণ কামৰূপৰ এজন যুৱকক আটক কৰিছে আৰক্ষীয়ে। বুধবাৰে নিশা আৰক্ষীয়ে আটক কৰে ২ নং আমতোলাৰ নিৱাসী হৃদয় কলিতা নামৰ যুৱকজনক।

আৰক্ষীয়ে সন্দেহ কৰা মতে, হৃদয় কলিতাৰ আছে মাওবাদীৰে সুসম্পৰ্ক। এই সন্দৰ্ভত আৰক্ষীয়ে যুৱকজনক সোধা-পোছা অব্যাহত ৰাখিছে।

আনহাতে অতি দৰিদ্ৰ ঘৰৰ ল’ৰা হৃদয় কলিতাই টিউচন কৰি পৰিয়াল পোহপাল দিয়াৰ দাবী মাতৃ আৰু স্থানীয় লোকৰ। যাৰ বাবে যুৱকজনক মিছা অভিযোগত আৰক্ষীয়ে আটক কৰাৰ অভিযোগ উত্থাপন হৈছে।