মহিলা যাত্ৰীৰ ওপৰত উৎপীড়ন কেব চালকৰ, বাধ্য হৈ জঁপিয়াই দিলে চলন্ত টেক্সীৰ পৰা

50

ডিজিটেল ডেস্কঃ নাৰীৰ ওপৰত চলা অতিশয্যাৰ ঘটনাক লৈ সমগ্ৰ দেশ সৰৱ হৈ থকাৰ সময়তে এইবাৰ পোহৰলৈ আহিছে এজন কেব চালকৰ পাষৱিক কাণ্ড। মহিলা যাত্ৰীৰ ওপৰত অতিশয্যা চলোৱা এই ঘটনা সংঘটিত হৈছে পঞ্জাৱৰ অমৃতসৰত। কেব চালকৰ অতিশয্যাৰ পৰা ৰক্ষা পৰিবলৈ চলন্ত টেক্সীৰ পৰা জঁপিয়াই দিবলৈ বাধ্য হৈ পৰে দুগৰাকী মহিলা।

জানিব পৰা মতে, শনিবাৰে অমৃতসৰৰ ৰাজপথত সংঘটিত হৈছে এই ঘটনা। তিনিগৰাকী মহিলাই যাত্ৰাৰ বাবে বুক কৰিছিল এখন কেব। কিন্তু টেক্সীত উঠাৰ পিছতে কেব চালকজনে মহিলা কেইগৰাকীৰ ওপৰত উৎপীড়ন চলাবলৈ আৰম্ভ কৰে। মহিলা কেইগৰাকীয়ে লম্পট কেব চালকৰ কাৰ্যত বাধা দি চিঞৰ বাখৰ কৰাত গাড়ীৰ গতিবেগ বঢ়াই দিয়ে লম্পট চালকজনে। যাৰ বাবে টেক্সীৰ ভিতৰত থকা দুগৰাকী মহিলাই চলন্ত গাড়ীৰ পৰা জঁপিয়াই দিবলৈ বাধ্য হয়।

ইফালে মহিলা দুগৰাকীক টেক্সীৰ পৰা জঁপিওৱা দেখি স্থানীয় লোকে খেদি খেদি গাড়ীখন ধৰিবলৈ সক্ষম হয়। টেক্সীৰ ভিতৰত থকা আনগৰাকী মহিলাক স্থানীয় লোকে উদ্ধাৰ কৰাৰ লগতে লম্পট কেব চালকজনক আৰক্ষীৰ হাতত চমজাই দিয়ে।