মহানগৰীত ৰহস্যজনকভাৱে উদ্ধাৰ যুৱকৰ মৃতদেহ।
গুৱাহাটী ক্লাৱ আৰু ষ্টেডিয়াম ৰোড সংযোগী ফ্লাই অভাৰত উদ্ধাৰ মৃতদেহটো।
যুৱকজনৰ মৃতদেহ ৰহস্যজনক পৰিস্থিতিত উৰণীয়া সেতুখনৰ ফুটপাথত পৰি থকা অৱস্থাত নিশা উদ্ধাৰ হয়।
ইফালে যুৱকজনৰ পৰিচয় লুটফুৰ ৰহমান বুলি আৰক্ষীয়ে জানিবলৈ দিছে। নিহত যুৱকজনৰ ঘৰ গোৱালপাৰাত।
আৰক্ষীয়ে প্ৰকাশ কৰা মতে, বিগত কিছুদিনৰ পৰা নিৰুদ্দেশ হৈ আছিল নিহত যুৱকজন।
কোনোবাই হত্যা কৰি মৃতদেহটো ফ্লাই অভাৰত পেলাই দিয়াৰ সন্দেহ আৰক্ষীয়ে।
প্ৰাথমিক অনুসন্ধানত মৃতকৰ মৃতদেহত আক্ৰমণ আৰু আঘাতৰ চিন দেখা গৈছে, যিয়ে হত্যাৰ দিশলৈ আঙুলিয়াইছে বুলি আৰক্ষীয়ে জনায়।
ইফালে গুৱাহাটীৰ পল্টনবজাৰ আৰক্ষীয়ে গোচৰটো গ্ৰহণ কৰি তদন্ত আৰম্ভ কৰিছে।
মৃতদেহটো মৰণোত্তৰ পৰীক্ষাৰ বাবে প্ৰেৰণ কৰা হৈছে আৰু ইয়াৰ পিছত অধিক তথ্য পোহৰলৈ আহিব।