মহানগৰীত ভয়ংকৰ অগ্নিকাণ্ড, কমেও ৭ জন আহত

290

শুকুৰবাৰে নিশা গুৱাহাটীৰ ৰিহাবাৰী অঞ্চলৰ এটা আৱাসিক ভৱনত সংঘটিত হোৱা এক বৃহৎ অগ্নিকাণ্ডত কমেও ৭ জন লোক আহত হয়।

অগ্নিকাণ্ডৰ কাৰণ জানিব পৰা হোৱা নাই। অৱশ্যে এল পি জি চিলিণ্ডাৰ বিস্ফোৰণৰ পিছতে এই অগ্নিকাণ্ড সংঘটিত হয় বুলি স্থানীয় ৰাইজে জানিবলৈ দিয়ে।

খবৰ অনুসৰি, মহানগৰীৰ ৰিহাবাৰী অঞ্চলৰ বিপ্লাৰত অৱস্থিত অট্টালিকাৰ তলৰ মহলাত নিশা প্ৰায় ১১:৩০ বজাত সংঘটিত হয় এই অগ্নিকাণ্ড।

কমেও তিনিখন অগ্নিনিৰ্বাপক বাহিনীৰ গাড়ী ঘটনাস্থলীত উপস্থিত হৈ পৰৱৰ্তী সময়ত জুই নিৰ্বাপন কৰে।

আহত লোক কেইজন হৈছে মুকুল মনি দাস, শ্যামল দাস, অশিৎ দাস, অমৰজিৎ দাস, মুস্কান জৈন, সঞ্জয় কৰ আৰু মনিষ কৰ।

আহত লোক কেইজনক গুৱাহাটী চিকিৎসা মহাবিদ্যালয় হাস্পতাল আৰু মাৰোৱাৰী হাস্পতালত ভৰ্তি কৰোৱা হৈছে।