মমতা বেনাৰ্জীক প্ৰধানমন্ত্ৰীৰ ৰূপত চাব বিচাৰে অখিল গগৈয়ে

123

গুৱাহাটীঃ ২০২৪ৰ লোকসভা নিৰ্বাচনক সন্মুখত ৰাখি তৃণমূল কংগ্ৰেছত যোগদান কৰিব নেকি শিৱসাগৰ সমষ্টিৰ বিধায়ক তথা ৰাইজৰ দলৰ সভাপতি অখিল গগৈয়ে? ৰাজ্যৰ ৰাজনীতিত বৰ্তমান এই প্ৰশ্ন প্ৰাসংগিক হৈ পৰিছে। কিয়নো যোৱা এটা পষেকৰ ভিতৰত অখিল গগৈয়ে দুবাৰকৈ তৃণমূল কংগ্ৰেছৰ নেত্ৰী তথা পশ্চিম বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক সাক্ষাৎ কৰাৰ পিছত শুকুৰবাৰে পুনৰ তেওঁ মমতাক সাক্ষাতৰ বাবে কলকতালৈ ৰাওনা হয়।

অসমত তৃণমূল কংগ্ৰেছৰ ভেটি শক্তিশালী কৰাৰ উদ্দেশ্যে মমতা বেনাৰ্জীয়ে যোগদানৰ প্ৰস্তাৱ আগবঢ়োৱা বুলি অখিল গগৈয়ে ইতিমধ্যে স্বীকাৰ কৰিছে। লগতে অখিল গগৈয়ে এই কথাও কয় যে তেওঁ ২০২৪ চনত মমতা বেনাৰ্জীক প্ৰধানমন্ত্ৰী ৰূপত চাব বিচাৰে। বিজেপিৰ ফেচিষ্ট আৰু সাম্প্ৰদায়িক ৰাজনীতিৰ বিৰুদ্ধে অহৰহ যুঁজ থকা মমতা বেনাৰ্জী প্ৰধানমন্ত্ৰী পদৰ বাবে যোগ্য বুলি মন্তব্য কৰে অখিল গগৈয়ে।

অখিল গগৈয়ে কয়, ‘মমতা বেনাৰ্জীয়ে এটা ফেডাৰেল ৰাজনৈতিক গাঁথনিৰ বাবে যুঁজ কৰি আছে। এই কথাবোৰ সত্য। আমি সেয়ে তেওঁক পৰৱৰ্তী প্ৰধানমন্ত্ৰী ৰূপে চাব বিচাৰোঁ। আমাক এটা আঞ্চলিক দলৰ ফেডাৰেচন লাগে আৰু আমি মমতা বেনাৰ্জীক প্ৰধানমন্ত্ৰীৰ প্ৰাৰ্থী হিচাপে বিচাৰোঁ। আমি আঞ্চলিক ফেডাৰেচন এটা গঠনৰ প্ৰয়াস কৰি আছোঁ। ফেডাৰেলিজম আজি সংকটত পৰিছে। আমি তিনি মাহ পিছত এই বিষয়ত ভালকৈ বহিম আৰু সেই অনুসাৰে আগবাঢ়িম।” একেলগে আগবাঢ়িলে ২০২৪ৰ লোকসভা নিৰ্বাচনত বিজেপিক ওফৰাব পাৰিম বুলিও দৃঢ়তাৰে কয় অখিল গগৈয়ে।