মদন-শোভনৰ পিছত এইবাৰ হাস্পতালত ভৰ্তি নাৰদ কেলেংকাৰীৰ অভিযুক্ত সুব্ৰত মুখাৰ্জী

103

নাৰদ ষ্টিং কেলেংকাৰীৰ সৈতে জড়িত থকাৰ অভিযোগত পশ্চিম বংগৰ মমতা বেনাৰ্জী চৰকাৰৰ দুগৰাকী মন্ত্ৰীসহ তৃণমূল কংগ্ৰেছৰ ৩ নেতা আৰু প্ৰাক্তন মেয়ৰসহ ৪জনক চিবিআইয়ে গ্ৰেপ্তাৰ কৰাৰ পিছতে তোলপাৰ লাগিছে বংগৰ ৰাজনীতিত। ইফালে সোমবাৰে নিম্ন আদালতে চাৰিওজনৰ জামিন মঞ্জুৰ কৰে যদিও পিছত নিম্ন আদালতৰ ৰায়ক প্ৰত্যাহ্বান জনাই উচ্চ ন্যায়ালয়ৰ দাৰস্থ হয় চিবিআই। তাৰ পিছতে কলকতা উচ্চ ন্যায়ালয়ে নিম্ন আদালতৰ ৰায়ত স্থগিতাদেশ জাৰি কৰে।

ইফালে পুৱতি নিশা চিবিআইৰ জিম্মাত মদন মিত্ৰ আৰু শোভন চেটাৰ্জী অসুস্থ হৈ পৰাৰ পিছত পুৱা নাৰদ কেলেংকাৰীৰ অভিযুক্ত আন এগৰাকী মন্ত্ৰী সুব্ৰত মুখাৰ্জীও হঠাৎ অসুস্থ হৈ পৰে আৰু তেওঁক এছএছকেএম হাস্পতালত ভৰ্তি কৰিবলগা হয়।

জানিব পৰা মতে, নিশা সুব্ৰত মুখাৰ্জী অসুস্থ হৈ পৰাত তেওঁক হাস্পতাললৈ অনা হয় যদিও প্ৰাথমিক চিকিৎসাৰ অন্তত তেওঁক পুনৰ লৈ যোৱা হয়। কিন্তু পুৱা পুনৰ জ্বৰ উঠাত তেওঁক ততাতৈয়াকৈ এছএছকেএম হাস্পতালৰ উডবাৰ্ণ ৱাৰ্ডত ভৰ্তি কৰা হয়। খবৰ অনুসৰি সুব্ৰত মুখাৰ্জীৰ লগতে এই কেলেংকাৰীৰ আন এগৰাকী অভিযুক্ত ফিৰহাদ হাকিমৰ কোৰোনা পৰীক্ষা কৰা হব।

উল্লেখ্য যে, সোমবাৰে পুৱা চিবিআইয়ে সুব্ৰত মুখাৰ্জী, মদন মিত্ৰ, শোভন চেটাৰ্জী আৰু ফিৰহাদ হাকিমত নাৰদ ষ্টিং কেলেংকাৰীত জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছিল। তাৰ পিছতে চিবিআইৰ কলকতাস্থিত কাৰ্যালয়ৰ সন্মুখত ধৰ্ণা কাৰ্যসূচী ৰূপায়ণ কৰে মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীয়ে। পৰিকল্পতিভাৱে বিজেপিয়ে চিবিআইৰ জৰিয়তে তৃণমূল কংগ্ৰেছৰ নেতা কেইগৰাকীক গ্ৰেপ্তাৰ কৰাৰ অভিযোগ উত্থাপন কৰে মমতা বেনাৰ্জীয়ে।