মণিপুৰৰ ভূমিস্খলনত নিহত অসমৰ কমেও ৭ জন, সন্ধানহীন বহু কেইজন

7449

মণিপুৰৰ নোনে জিলাত টুপুলত ভূমিস্খলনত এজন সেনা জোৱানকে ধৰি অসমৰ পৰা কমেও ৭জন লোক নিহত হোৱা বুলি মন্ত্ৰী পীযুষ হাজৰিকাই জনায়।

শনিবাৰে মণিপুৰৰ ভূমিস্খলনস্থলী পৰিদৰ্শন কৰি পৰিস্থিতিৰ বুজ লয় জলসম্পদ মন্ত্ৰীগৰাকীয়ে কয় যে নিৰ্মাণ কোম্পানীৰ ৭টা মৃতদেহ আৰু এজন সেনা জোৱান উদ্ধাৰ কৰা হৈছে আৰু তেওঁলোক অসমৰ।

মন্ত্ৰীগৰাকীয়ে আৰু কয়, ‘অসমৰ এজন ৰে’ল অভিযন্তা আৰু আন ১১ জন নিৰ্মাণ কৰ্মচাৰী এতিয়াও সন্ধানহীন হৈ আছে। ৰাজ্যখনৰ পৰা অহা পাঁচজন লোকক উদ্ধাৰ কৰা হৈছে যাৰ ভিতৰত দুজন চিকিৎসালয়ত ভৰ্তি হৈছে।”

তেওঁ আৰু কয় যে উদ্ধাৰ অভিযানত কেন্দ্রীয় চৰকাৰে ৰাজ্যখনলৈ সকলো সম্ভাৱ্য লজিষ্টিক সহায় আগবঢ়াইছে৷

“অসমৰ মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মাৰ নিৰ্দেশ অনুসৰি আজি (শনিবাৰে) ব্যাপক ভূমিস্খলনত বিধ্বস্ত হোৱা মণিপুৰৰ টুপুলত থকা টেৰিটৰিয়েল আৰ্মী কেম্পটো পৰিদৰ্শন কৰিলোঁ। টেৰিটৰিয়েল আৰ্মী উদ্ধাৰৰ বাবে চলি থকা উদ্ধাৰ অভিযানৰ বুজ ল’লোঁ।” জৱান আৰু সাধাৰণ নাগৰিক যিসকল এতিয়াও নিৰুদ্দেশ হৈ আছে।’

তেওঁ লগতে কয়, ‘জটিল ভূ-প্ৰকৃতিৰ বাধাৰ মাজতো মণিপুৰ চৰকাৰ, মুখ্যমন্ত্ৰী এন বীৰেন সিঙৰ প্ৰতি আন্তৰিক কৃতজ্ঞতা জ্ঞাপন কৰিছোঁ।’

মণিপুৰৰ টুপুল সাধাৰণ এলেকাত হোৱা ভূমিস্খলনত এতিয়ালৈকে ২৪টা মৃতদেহ উদ্ধাৰ কৰা হৈছে। মণিপুৰৰ নোনে এলেকাত বুধবাৰ আৰু বৃহস্পতিবাৰৰ মাজৰ নিশা জিৰিবামৰ পৰা ইম্ফললৈ নির্মাণধীন ৰে’লপথৰ সুৰক্ষাৰ বাবে টুপুল ৰে’লৱে ষ্টেচনৰ সমীপত নিয়োজিত ভাৰতীয় সেনাৰ ১০৭ টেৰিটৰিয়েল আৰ্মীৰ কোম্পানী স্থানৰ সমীপত ভূমিস্খলন হয়৷

উত্তৰ-পূব সীমান্ত ৰে’লৱে চিপিআৰঅ’ই জনোৱা মতে, অবিৰত বৰষুণৰ ফলত সৃষ্টি হোৱা ভূমিস্খলনৰ ফলত চলি থকা জিৰিবাম-ইম্ফল নতুন লাইন প্ৰকল্পৰ টুপুল ষ্টেচন ভৱনটোৰ ক্ষতিসাধন হৈছে।