মণিপুৰত গুলীয়াই হত্যা বিজেপি নেতাক।
নিজ বাসগৃহত মঙলবাৰে গুলীয়াই হত্যা বিজেপি নেতা লাইশ্ৰম ৰামেশ্বৰ সিং (৫০)ক।
জানিব পৰা মতে, মণিপুৰ বিজেপিৰ প্ৰাক্তন সেনাবাহিনী কোষৰ সাধাৰণ সম্পাদক আছিল লাইশ্ৰম ৰামেশ্বৰ সিং।
মঙলবাৰে পুৱা প্ৰায় ১১.৩০ বজাত থৌবাল ক্ষেত্ৰৰ লেইকাইস্থিত বাসগৃহত অচিনাক্ত দুৰ্বৃত্তই গুলীয়াই হত্যা কৰে তেওঁক।