মণিপুৰত অব্যাহত আছে হিংসা

21

মণিপুৰত হিংসা অব্যাহত আছে । যোৱা সপ্তাহত সন্দেহজনক কুকি উগ্ৰপন্থীয়ে ৬ গৰাকী লোকক হত্যা কৰিছিল । সেই ঘটনাৰ পিছতে ৰাজ্যজুৰি তীব্ৰ প্ৰতিক্ৰিয়াৰ সৃষ্টি হৈছে । মণিপুৰৰ মুখ্যমন্ত্ৰী এন বীৰেন সিঙেও ঘটনাৰ প্ৰতিক্ৰিয়া প্ৰকাশ কৰিছে । মুখ্যমন্ত্ৰীগৰাকীয়ে ঘটনাটোক লৈ শোক প্ৰকাশ কৰে আৰু দৃঢ়তাৰে কয় যে অপৰাধীসকলক ৰেহাই দিয়া নহ’ব । অপৰাধীক শাস্তি নিদিয়ালৈ চৰকাৰ বহি নাথাকে । তেওঁ কয় যে ৩ গৰাকী মহিলা আৰু ৩ টা শিশুৰ হত্যাকাৰীক বিচাৰি অনুসন্ধান চলি আছে ।