মণিপুৰতো ক্ৰমাৎ ভেটি খহিছে কংগ্ৰেছৰ

948

ডিজিটেল ডেস্কঃ ২০২২ত অনুষ্ঠিত হব মণিপুৰ বিধানসভা নিৰ্বাচন। কিন্তু নিৰ্বাচনৰ পূৰ্বে এতিয়া চৰম সংকটৰ সন্মুখীন হৈছে ৰাজ্যখনৰ প্ৰদেশ কংগ্ৰেছ। শেহতীয়া খবৰ অনুসৰি, মণিপুৰ প্ৰদেশ কংগ্ৰেছৰ সভাপতি গোবিন্দাছ কন্থুজামে বুধবাৰে পদত্যাগ কৰে নিজৰ পদৰ পৰা। আনহাতে ৰাজ্যখনৰ আন ৮ গৰাকী কংগ্ৰেছ বিধায়কেও বুধবাৰে আনুষ্ঠানিকভাৱে পদত্যাগ কৰিব বুলি চৰ্চা চলিছে।

উল্লেখ্য যে, ২০১৭ চনত মণিপুৰ বিধানসভা নিৰ্বাচনত কংগ্ৰেছে বিজেপিতকৈ অধিক আসন লাভ কৰিবলৈ সক্ষম হ’লেও বিজেপিয়ে শেষ মুহূৰ্তত এনপিপি, এনপিএফ আৰু নিৰ্দলীয় বিধায়কৰ সহযোগত চৰকাৰ গঠন কৰিবলৈ সক্ষম হৈছিল। ৰাজ্যখনত নিৰ্বাচনত বিজেপিয়ে ২১ খন আসন লাভ কৰাৰ বিপৰীতে কংগ্ৰেছে লাভ কৰিছিল ২৮খনকৈ আসন।

কিন্তু এই মুহূৰ্তত প্ৰদেশ কংগ্ৰেছৰ সভাপতি আৰু অন্য ৮ গৰাকী বিধায়কৰ পদত্যাগে ৰাজ্যখনত কংগ্ৰেছৰ ভেটি দুৰ্বল কৰি তোলাৰ আশংকা বৃদ্ধি পাইছে। প্ৰণিধানযোগ্য যে, ২০২০ৰ ডিচেম্বৰত কংগ্ৰেছ নেতৃত্বই গোবিন্দাছ কন্থুজামক প্ৰদেশ কংগ্ৰেছৰ দায়িত্ব অৰ্পণ কৰিছিল।