অসমত AIUDFৰ চৰকাৰ হ’বলৈ নিদিয়ে ৰাজ্যিক বিজেপিৰ সভাপতি ভৱেশ কলিতাই। আনহাতে ৰাজ্যসভাৰ নিৰ্বাচনত দুয়োখন আসনতে মিজেপি মিত্ৰজোঁট জয়ী হব বুলিও মন্তব্য কৰে ভৱেশ কলিতাই।
সংবাদ মাধ্যমৰ সন্মুখত তেওঁ কয়, ‘‘মই জীয়াই থকালৈ অসমত AIUDFৰ চৰকাৰ হ’ব নিদিও। ৰাজ্যসভাৰ নিৰ্বাচনত শাসক পক্ষৰ দুয়োখনতে জয় নিশ্চিত।’’
আনহাতে ভৱেশ কলিতাই কয় যে বিৰোধীয়ে ভোট দিলেও বিধয়ক পদ খাৰিজ নহয় বুলি ইতিমধ্যে বিধানসভাৰ অধ্যক্ষই মন্তব্য কৰিছে। অধ্যক্ষৰ ভূমিকাক লৈ বিৰোধীয়ে উত্থাপন কৰা অভিযোগ সন্দৰ্ভত প্ৰতিক্ৰিয়া ব্যক্ত কৰি তেওঁ কয়, অধ্যক্ষই কেতিয়াও পক্ষপাতিত্ব কৰা নাই, এয়া বিৰোধীৰ ভিত্তিহীন অভিযোগ। হুইপ জাৰি কৰিব নালাগে বিজেপিয়ে। পৌৰ নিৰ্বাচনত ৬০টাতে আমাৰ মিত্ৰজোটৰ জয় হ’ব, কংগ্ৰেছ হাৰিব।
সাম্প্ৰতিক পৰিস্থিতিৰ বাবে মূল্যবৃদ্ধি হোৱা বুলি মন্তব্য কৰি বিজেপিৰ সভাপতিগৰাকীয়ে কয় যে পৰিস্থিতি ঠিক হ’লে মূল্য পুনৰ হ্ৰাস্ হব।