ভূপেন বৰা পানী নথকা ফায়াৰ ব্ৰিগেড: পীয়ুষ হাজৰিকা

96

এইবাৰ ভূপেন বৰাক উভতি ধৰিলে মন্ত্ৰী পীয়ুষ হাজৰিকাই। প্ৰদেশ কংগ্ৰেছৰ সভাপতি ভূপেন বৰাক পানী নথকা ফায়াৰ ব্ৰিগেড বুলি কটাক্ষ মন্ত্ৰী পিযুষৰ। পীয়ুষ হাজৰিকাই কয়, “তেওঁৰ ফায়াৰ ব্ৰিগেডত পানী থাকিলেহে জুই নুমুৱাব।”

উল্লেখ্য যে ভূপেন বৰাই বুধবাৰে এটা কবিতা লিখি নিজকে ফায়াৰ ব্ৰিগেডৰ সৈতে তুলনা কৰিছিল আৰু মুখ্যমন্ত্ৰী হিমন্ত বিশ্ব শৰ্মা নেতৃত্বাধীন চৰকাৰক আক্ৰমণ কৰিছিল।

ভূপেন বৰাৰ কবিতাৰ পিছতে মন্ত্ৰী পীয়ুষ হাজৰিকাই কয় যে ভূপেন বৰাই আজিকালি নতুন পেছা আৰম্ভ কৰিছে, কবিতা লিখা। “ভূপেন বৰাই কবিতা লিখা আৰম্ভ কৰিছে কাৰণ তেওঁ জানে যে তেওঁ আৰু কোনো নিৰ্বাচনত জিকিব নোৱাৰে। তিনিটা নিৰ্বাচনত তেওঁ ক্ৰমান্বয়ে হাৰিছে। ভূপেন বৰা এজন ফেইলড পলিটিচিয়ান। গতিকে তেঁও নতুন পেছা এটা লৈছে কবিতা লিখা কাম। ভূপেন বৰাৰ নতুন পেছাক মই শুভেচ্ছা জনাইছোঁ।”

বুধবাৰে নাহৰকটীয়াৰ বিধায়ক তৰংগ গগৈৰ বাসগৃহত উপস্থিত হৈ সংবাদ মাধ্যমৰ আগত এই মন্তব্য কৰে মন্ত্ৰী পীয়ুষ হাজৰীকাই।

পীয়ুষ হাজৰিকাই আকৌ কয় যে আমি ৰাজ্যসভাৰ দুয়োখন আসনতে জয় লাভ কৰিম।”ৰাজ্যসভাৰ দুয়োখন আসনৰ বাবে ৮৪ টা ভোটৰ প্ৰয়োজন আৰু আমি দুয়োখনতে জিকিম” বুলি মন্তব্য কৰে মন্ত্ৰী পীযুষে।