ভুৱা ভেকচিন প্ৰদান শিৱিৰ স্থাপন কৰি আৰক্ষীৰ জালত ভুৱা আইএএছ বিষয়া

90
FILE PHOTO: A person receives a dose of the Johnson & Johnson coronavirus disease (COVID-19) vaccine during a visit of U.S. Vice President Kamala Harris to a vaccination center in Chinatown, in Chicago, Illinois, U.S., April 6, 2021. Picture taken April 6, 2021. REUTERS/Carlos Barria

কোভিড মহামাৰীৰ বিৰুদ্ধে যুঁজিবলৈ ভেকচিন গ্ৰহণ কৰাটো জৰুৰী। সেয়ে চিকিৎসা বিশেষজ্ঞসকলৰ লগতে নেতা-মন্ত্ৰী সকলোৱে ভেকচিন ল’বলৈ সাধাৰণ জনতাক আহ্বান জনাই আহিছে। তাৰ মাজতে ভুৱা ভেকচিন শিৱিৰ স্থাপন কৰি পশ্চিমবংগত এজন স্বয়ম্ভূ আইএএছ বিষয়া আটক হোৱাৰ খবৰে এতিয়া প্ৰতিক্ৰিয়াৰ সৃষ্টি কৰিছে।

খবৰ অনুসৰি, দক্ষিণ কলকতাত ভুৱা ভেকচিন শিৱিৰ স্থাপন কৰি ২৫০ জনৰো অধিক লোকক কোভেক্সিনৰ টিকা প্ৰদান কৰিছিল নিজকে আইএএছ বিষয়া বুলি দাবী কৰা দেৱঞ্জন দেৱ নামৰ এজন লোকে। এই ভেকচিন প্ৰদান শিৱিৰলৈ আমন্ত্ৰণ কৰা হৈছিল সাংসদ তথা অভিনেত্ৰী মিমি চক্ৰৱৰ্তীকো। কিন্তু সাংসদ গৰাকী ভেকচিন শিৱিৰত উপস্থিত হৈ প্ৰত্যক্ষ কৰে যে ভেকচিন প্ৰদান কৰাৰ পিছত কোনো প্ৰমাণপত্ৰ প্ৰদান কৰা হোৱা নাই।

সমগ্ৰ বিষয়টোৰ ওপৰত সন্দেহ ওপজাত সাংসদ মিমি চক্ৰৱৰ্তীয়ে ভেকচিন প্ৰদান শিৱিৰৰ ওপৰত তদন্তৰ নিৰ্দেশ দিয়ে। তাৰ পিছতে ওলাই পৰে জোলোঙাৰ মেকুৰী। আৰক্ষীৰ তদন্তত দেৱঞ্জন দেৱ নামৰ লোকজন এজন ভুৱা আইএএছ বিষয়া বুলি প্ৰমাণ হোৱাৰ লগতে এই কথাও স্পষ্ট হৈ পৰে যে কেৱল টকাৰ বিনিময়ত দেৱঞ্জন দেৱে স্থাপন কৰিছিল ভেকচিন প্ৰদান শিৱিৰ। এই সমগ্ৰ ঘটনা পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে আটক কৰে অভিযুক্ত দেৱঞ্জন দেৱ নামৰ লোকজনক। ইফালে শিৱিৰটোত প্ৰায় আঢ়ৈ শ লোকক প্ৰদান কৰা ভেকচিনক লৈও এতিয়া সন্দেহ ঘণীভূত হৈছে।