বৰঝাৰ বিমান বন্দৰত টীম ৱৰ্কৰ দৰে কাম কৰাৰ প্ৰচেষ্টা

95

ৰাজ্য চৰকাৰৰ কেইবাটাও বিভাগৰ : ক’ৰনা আতংকৰ মাজতো ২৫ মে’ পৰা দিনে নিশাই সেৱা আগবঢ়াই আছে ৮০ ৰো অধিক বিষয়া কৰ্মচাৰীয়ে#

দেশৰ আন ৰাজ্যৰ লগতে অসমতো ২৫ মে’ৰ পৰা বৰুৱা যাত্ৰীবাহী বিমান সেৱা অসম হৈছে। অৱশ্যে অসমকে ধৰি উত্তৰ পূৱৰ বাৰটা বিমান বন্দৰৰ ভিতৰত গুৱাহাটী বৰঝাৰস্থিত লোকপ্ৰিয় গোপীনাথ বৰদলৈ অন্তৰ্জাতিক বিমান বন্দৰত উত্তৰ পূৱৰ মুঠ বিমান যাত্ৰীৰ প্ৰায় ৭০ শতাংশই অহা সেৱা কৰি আছে। ইফালে বহি: ৰাজ্যৰ পৰা অহা যাত্ৰী সকলে স্বাস্থ্য পৰীক্ষা কৰাৰ পৰা আৰম্ভ কৰি কোৱাৰেণ্টাইন কেন্দ্ৰৰ গন্তব্য স্থানলৈ যোৱাৰ ক্ষেত্ৰত কোনো ধৰণৰ অসুবিধা নাপায় তাৰবাবে স্বাস্থ্য, পৰিবহন, আৰক্ষী, কৰ, আবকাৰী, জিলা প্ৰশাসন, অসম ৰাজ্যিক পৰিবহন নিগম (এ.এছ.টি.চি) আদিৰ প্ৰায় ৮০ ৰো অধিক বিষয়া-কৰ্মচাৰীৰ ক’ৰনা আতংকৰ মাজতো যোৱা ২৫ মে’ পৰা দিনে-নিশাই সেৱা আগবঢ়ায় আহিছে। আনকি ৰাজ্যৰ মুখ্যমন্ত্ৰী সৰ্বানন্দ সোণোৱাল, স্বাস্থ্যমন্ত্ৰী ড০ হিমন্ত বিশ্ব শৰ্মা, পৰিবহন মন্ত্ৰী চন্দ্ৰমোহন পাটোৱাৰী, মুখ্য সচিব কুমাৰ সঞ্জয়, আৰক্ষী সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তকে ধৰি শীৰ্ষ বিষয়াসকলে সময়ে সময়ে বৰঝাৰ বিমান বন্দৰলৈ আহি যাত্ৰীক সেৱা আগবঢ়ায় অহা সেৱাৰ বুজ লোৱাৰ লগতে সকলোকে টীম ইণ্ডিয়া ৱৰ্কৰ দৰে কাম কৰাৰ বাবে আহ্বান জনাইছে। আনকি দায়িত্ববাহী বিষয়াসকলক নিজৰ দায়িত্ব নিষ্ঠাৰে পালন কৰি ৰাজ্যৰ সুনাম অক্ষুন্ন ৰাখিবলৈ নিৰ্দেশ দিছে। ইফালে কৰ্মৰত কৰ্মচাৰী সকলৰ মনোবল অটুত ৰখাৰ বাবে দায়িত্ববাহী বিষয়াসকলে যৌথ প্ৰচেষ্টা চলোৱা পৰিলক্ষিত হৈছে। ১৫ জুলাইৰ দিনা বিভাগীয় উৰ্ধতম কৰ্তৃপক্ষৰ নিৰ্দেশনা অনুসৰি দায়িত্ববাহী বিষয়া ক্ৰমে কামৰূপ জিলাৰ জিলা পৰিবহন বিষয়া গৌতম দাস, আজাৰা ৰাজহ চক্ৰৰ চক্ৰ বিষয়া মৃণাল বৰা, উপ-আৰক্ষী অধীক্ষক অৰবিন্দ পাটৰ, স্বাস্থ্য বিষয়া ডা: সিদ্ধাৰ্থ মৌৰ্য, এ এছ টি চিৰ আস্তান অধীক্ষকদ্বয় বিকাশ পাচোৱান আৰু পংকজ দাস বৰঝাৰ বিমান বন্দৰত বিগত সাত সপ্তাহৰো অধিক দিন ধৰি যাত্ৰীক সেৱা আগবঢ়ায় অহা কৰ্মচাৰীসকলক এটি টীম ৱৰ্কৰ দৰে কাম কৰাৰ ক্ষেত্ৰত উৎসাহিত কৰাৰ লক্ষ্যৰে তেওঁলোকৰ সৈতে মতবিনিময় কৰে। ইয়াৰ উপৰিও কৰ্মচাৰীসকলে ভোগ কৰি অহা সমস্যা সমুহৰো বুজ লয় দায়িত্ববাহী বিষয়াসকলে। উল্লেখ্য ক’ৰনা আতংক আৰু মাজে সময়ে বৰঝাৰ বিমান বন্দৰত যোৱা বানপানীৰ মাজতো বিষয়া-কৰ্মচাৰীসকলে এটা টীমৱৰ্কৰ দৰে কাম কৰি আছে। ইয়াৰ মাজতে পৰিবহন বিভাগৰ মুকুট দাস নামৰ এজন সহকাৰী প্ৰৱৰ্তক পৰিদৰ্শক কিছুদিন পূৰ্বে ক’ৰনাত আক্ৰান্ত হৈ চিকিৎসাধীন হৈ আছে।