বড়িগোগ বনভাগ যুৱ সমাজৰ উল্লেখনীয় পদক্ষেপ

125

দিগন্ত বৰ্মন, নলবাৰী:- বড়িগোগ বনভাগ যুব সমাজৰ উদ্যোগত আজি পুৱা ১১ বজাত দলুবা শ্ৰী শ্ৰী হৰিমন্দিৰ প্ৰাঙ্গণত বিষ্ণু জ্যোতি হাইস্কুল আৰু এম ই স্কুলৰ অৱসৰী চতুৰ্থ শ্ৰেনীৰ কৰ্মচাৰী ক্ৰমে জয়চন্দ্ৰ কলিতা আৰু ধাৰেশ্বৰ কলিতাক ৰাজহুৱা ভাৱে সম্বৰ্দ্ধনা জনোৱা হয়।

বড়িগোগ বনভাগ যুৱ সমাজৰ সহ তত্ত্বাৱধায়ক বিশ্বজিৎ কলিতাই আত ধৰা অনুষ্ঠানটোত সভাপতিত্ব কৰে বড়িগোগ বনভাগ মণ্ডলৰ বি জে পিৰ যুব নেতা তথা বড়োগোগ বনভাগ যুৱ সমাজৰ তত্ত্বাৱধায়ক হৰেশ্বৰ দাসে। সভাত উপস্থিত থাকে পূব বনভাগ আঞ্চলিক পঞ্চায়তৰ সদস্যা মনিকা ভঁৰালী, ক্ৰীড়া সংগঠক দীপক কুমাৰ দাস, গাঁও সভাৰ সদস্য প্ৰকাশ তালুকদাৰ বিজেপি কৰ্মী বুবুল দাস আৰু জয়ন্ত তালুকদাৰ আদিয়ে।

সভাত দুযোগৰাকী ব্যক্তিৰ ৩৫ বছৰীয়া স্মৃতি ৰোমান্ঠন কৰি সকলো আবেগীক হৈ পৰে। অনুষ্ঠানটোত জয়চন্দ্ৰ কলিতা আৰু ধাৰেশ্বৰ কলিতাৰ সুযোগ্য পুত্ৰ পংকজ কলিতা আৰু বিতুল কলিতাই দেউতাকৰ কৰ্ম জীৱনৰ ওপৰত আলোকপাত কৰে। ছাত্ৰ সকলে দুয়ো জনা ব্যক্তিৰ বিদ্যালয়ৰ প্ৰতি থকা দায়িত্ব আৰু কৰ্তব্যৰ কথা শ্ৰদ্ধাৰে সোঁ‌ৱৰণ কৰে। সম্বৰ্দ্ধিত চতুৰ্থ বৰ্গৰ কৰ্মচাৰী দুযোগৰাকীক ত্রনেদৰে ৰাজহুৱা সম্বৰ্দ্ধনা জনোৱা বাবে বড়িগোগ বনভাগ যুব সমাজক ৰাইজে ভূয়সী প্ৰশংসা কৰিছে।