” ব্ৰহ্মপুত্ৰৰ জলস্তৰ বৃদ্ধিৰ বাবে জলসম্পদ বিভাগে বন্ধ কৰিলে খানা নৈৰ পানীদুৱাৰ , পশ্চিম গুৱাহাটীত পুনৰ বানৰ সম্ভাৱনা

82

: শদিয়াৰ পৰা ধুবুৰীলৈ ব্ৰহ্মপুত্ৰৰ জলস্তৰ বেছিভাগতে বিপদ সীমাৰ ওপৰেৰে বৈ থকাত ৰাজ্যৰ ২৪ খন জিলাত বান পৰিস্থিতিয়ে ভয়ংকৰ ৰূপ লৈছে । ইফালে গুৱাহাটীত ২২ জুলাইত ব্ৰহ্মপুত্ৰৰ জলস্তৰ (বিপদসীমা ৪৯.৬৮ মিটাৰ ) বিপদসীমা অতিক্রম কৰিছে । বৃহস্পতিবাৰে দিনৰ ভাগত গুৱাহাটীত জলস্তৰৰ পৰিমাণ আছিল ৫০.০৭ মিটাৰ । কেন্দ্ৰীয় জল আয়োগৰ গুৱাহাটীৰ কাৰ্যালয় সূত্ৰই সদৰি কৰা অনুসৰি ব্ৰহ্মপুত্ৰকে ধৰি ৰাজ্যৰ বেছিভাগ নৈ – উপনৈ ৰ পানী বাঢ়ি আছে । আনহাতে গুৱাহাটীত ব্ৰহ্মপুত্ৰৰ জলস্তৰ বিপদসীমা অতিক্ৰম কৰা বাবে জলসম্পদ বিভাগে বৰঝাৰ বিমান বন্দৰ চৌহদকে ধৰি পশ্চিম গুৱাহাটীক সম্ভাব্য বানৰ পৰা ৰক্ষাৰ স্বাৰ্থত ব্ৰহ্মপুত্ৰ আৰু দীপৰ বিল সংযোগী খানা নৈৰ পানীদুৱাৰখন ২২ জুলাইত বন্ধ কৰি দিছে ।ইয়াৰ ফলত সম্ভাব্য বানৰ পৰা সাময়িকভাবে পশ্চিম গুৱাহাটীৰ এক বৃহৎ অঞ্চল ৰক্ষা পৰিলেও বিপদ আতৰা নাই । কিয়নো পানীদুৱাৰখন বন্ধ থকা বাবে দীপৰ বিলৰ পানীভাগ ব্ৰহ্মপুত্ৰলৈ বৈ যাব নোৱাৰাৰ বাবে ওফন্দি উঠিছে । যদি আগন্তুক সময়ত বৰষুণৰ পৰিমাণ বৃদ্ধি পাই তেন্তে দীপৰ বিলৰ পানী ওফন্দি উঠাটো নিশ্চিত । তেতিয়া হলে কাষৰীয়া বৰঝাৰ বিমানবন্দৰ চৌহদসহ পশ্চিম গুৱাহাটীৰ এক বৃহৎ অঞ্চল পুনৰ বানৰ কবলত পৰিব । ইফালে পশ্চিম গুৱাহাটীৰ বিধায়ক ৰমেন্দ্ৰ নাৰায়ণ কলিতাই জলসম্পদ বিভাগৰ পূব গুৱাহাটী সংমণ্ডলৰ দায়িত্ববাঁহী অভিযন্তাক ব্ৰহ্মপুত্ৰই যাতে বান পৰিস্থিতিৰ সৃষ্টি কৰিব নোৱাৰে তাৰ বাবে নিৰন্তৰ দৃষ্টি ৰাখিবলৈ নিৰ্দেশ দিছে । বৃহস্পতিবাৰে দিনৰ ভাগত জলসম্পদ বিভাগৰ দুজন অভিযন্তাই পূৱ ধাৰাপুৰত থকা খানা নৈৰ পানীদুৱাৰখন পৰিদৰ্শন কৰি বান পৰিস্থিতিৰ বুজ লয় ।