বোকাজানত নিচাযুক্ত ড্ৰাগছসহ আটক সৰবৰাহকাৰী..

77

কাৰ্বি আংলং আৰক্ষীয়ে জিলাখনত অব্যাহত ৰাখিছে ড্ৰাগছ বিৰোধী অভিযান । বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসে এক বিশেষ সূত্ৰে লাভ কৰা তথ্যৰ ভিত্তিত বোকাজান আৰক্ষী থানাৰ অন্তৰ্গত অমৰাজানত কালি নিশা প্ৰায় ৮ বজাত এক অভিযান চলাই। আৰক্ষী বিষয়াগৰাকীয়ে বোকাজান আৰক্ষী থানাৰ ভাৰপ্ৰাপ্ত বিষয়া ডিম্বেশ্বৰ ঠাকুৰীয়া, উপ-পৰিদৰ্শক চৰণ মোহন চেতিয়াৰ লগতে আৰক্ষীৰ এটা দলৰ সহযোগত ভাৰত প্ৰেট্ৰলিয়াম তেল ডিপোৰ সমীপত ৰখাই থোৱা অৱস্থাত NL-01-AD-3486 আৰু NL-01-AD-5835 নম্বৰৰ দুখন ট্ৰাকত তালাচী অভিযান চলাই।

আৰক্ষীয়ে অভিযানৰ সময়ত ট্ৰাক দুখনৰ পৰা দুটা প্লাষ্টিকৰ চাবোনৰ বাকচত ২৫ গ্ৰাম হেৰ’ইন উদ্ধাৰ কৰিবলৈ সক্ষম হয়। ঘটনা সন্দৰ্ভত আৰক্ষীয়ে মণিপুৰৰ কেইৰাও গাঁৱৰ বাসিন্দা উমা কান্ত সিং (৩৫) নামৰ এজন ট্ৰাক চালকক আটক কৰে। উল্লেখ্য যে আৰক্ষী ঘটনাস্থলীত উপস্থিত হোৱাৰ পূৰ্বেই আনজন চালক পলাই যাবলৈ সক্ষম হোৱাৰ লগতে ট্ৰাক দুখনৰ পৰা জব্দ কৰা হেৰ’ইনখিনিৰ আন্তঃৰাষ্ট্ৰীয় বজাৰ মূল্য প্ৰায় ৫০ হাজাৰ টকা বুলি বোকাজান মহকুমা আৰক্ষী বিষয়া জন দাসে জানিবলৈ দিয়ে।