বিহু উপলক্ষে বিহুৱান যোগান ধৰাৰ আহ্বান

86

ষ্টাফৰিপোৰ্টাৰ, ১২এপ্ৰিল: ৰাজ্যখনত মহামাৰী কৰ’না ভাইৰাছৰ সংক্ৰমণৰ বিৰুদ্ধে চলি থকা তলাবন্ধ কাৰ্যসূচীৰ মাজতে জাতীয় উৎসৱ ৰঙালী বিহুৰ পৰাম্পৰা ৰক্ষাৰ স্বাৰ্থত বিহুৱান সূলভ হাৰত যোগান ধৰিবলৈ প্ৰেছ ক্লাব অসমে ৰাজ্য চৰকাৰক আহ্বান জনাইছে৷
এক বিবৃতিযোগে পি চি এৰ সভাপতি কৈলাস শৰ্মা আৰু সাধাৰণ সম্পাদক হীৰেন চন্দ্ৰ কলিতাই জাতিৰ পৰাম্পৰা ৰক্ষাৰ স্বাৰ্থত আৰু অসমৰ বস্ত্ৰউদ্যোগ সক্ৰিয় আৰু অসমীয়া শিপিনীৰ আৰ্থিক স্বচলতাৰ বাবে চৰকাৰে ৰাজ্যৰ আৰ্টফেড সমুহৰ বিপনীসমুহৰ যোগেদি সূলভ হাৰত বিহুৱান যোগান ধৰিবলৈ আহ্বান জনাইছে৷
ইতিমধ্যে অসমীয়া শিপিনীয়ে বছাবছা বিহুৱান তৈয়াৰ কৰিছে অথচ চৰকাৰে ক্ৰয় কৰি উৎসাহ যোগোৱাত ব্যৰ্থ পৰিলক্ষিত হৈছে৷
সেয়েহে ৰঙালীৰ পৰাম্পৰা ৰক্ষাৰ লগতে অসমীয়া শিপিনীক উৎসাহ যোগোৱাৰ স্বাৰ্থত আৰ্টফেদৰ বিপনীসমুহ খুলি ৰাইজক সকাহ দিবলৈ আহ্বান জনাইছে৷