বিশ্ব যুৱ দক্ষতা দিৱস উপলক্ষে প্ৰধান মন্ত্ৰীৰ যুৱ সমাজক দক্ষ, পুনৰাই দক্ষ আৰু অধিক দক্ষ হোৱাৰ উপদেশ

112

ষ্টাফৰিপ’ৰ্টাৰ, বিশ্ব যুৱ দক্ষতা দিৱস আৰু ‘দক্ষ ভাৰত’ অভিযানৰ পঞ্চম বৰ্ষপূতি উপলক্ষে অনুষ্ঠিত ডিজিটেল স্কিল কনক্লেভলৈ বাৰ্তা প্ৰেৰণ কৰি প্ৰধানমন্ত্ৰীয়ে ক্ষীপ্ৰতাৰে পৰিৱৰ্তিত বাণিজ্যিক বাতাবৰণ আৰু বজাৰ পৰিস্থিতিৰ সৈতে খাপ খাবলৈ যুৱশক্তিক দক্ষ, পুনৰাই দক্ষ আৰু অধিক দক্ষ হোৱাৰ পৰামৰ্শ প্ৰদান কৰে। এই উপলক্ষে প্ৰধানমন্ত্ৰী গৰাকীয়ে যুৱ শক্তিক অভিনন্দন জ্ঞাপন কৰে । তেওঁ উল্লেখ কৰে, পাঁচ বছৰ পূৰ্বেই দক্ষ ভাৰত অভিযানৰ শুভাৰাম্ভণি কৰাৰ লগতে একেদিনাই দক্ষতা, পুনৰ দক্ষতা আৰু অধিক দক্ষতাৰ বাবে বিশাল আন্তঃগাঠনিৰ নিৰ্মাণৰ সূচনা কৰা হৈছিল আৰু ইয়াৰ লগতে স্থানীয় আৰু বিশ্ববাসী উভয়তেই কৰ্মসংস্থাপনৰ সুযোগ লাভৰ প্ৰসাৰতাও বৃদ্ধি কৰা যায়। ইয়াৰ অংশস্বৰূপে সমগ্ৰ দেশত শ-শ পি এম কৈশল কেন্দ্ৰ স্থাপন কৰা হয় আৰু আই টী আই বাতাবৰণৰ সামৰ্থ্য বৃদ্ধি কৰি তোলা হৈছিল। এই প্ৰচেষ্টাৰ ফলশ্ৰুতিতে যোৱা পাঁচটা বছৰত পাঁচ কটিৰো অধিক যুৱকে দক্ষতা আহৰণ কৰিবলৈ সক্ষম হয়।দক্ষ কৰ্মচাৰী আৰু নিয়োগ কর্তাৰ মানচিত্ৰণৰ অৰ্থে শেহতীয়াকৈ আৰম্ভ কৰা এএছইইএম (আত্মনির্ভৰ স্কিলড এমপ্লয়ী এমপ্লয়াৰ মেপিং) পৰ্টেল প্ৰসঙ্গত তেওঁ কয়”-এই ব্যৱস্থাই নিজ গৃহলৈ উলটি অহা প্ৰব্রজক শ্ৰমিকসকলকে প্ৰমুখ্য কৰি দক্ষ শ্ৰমিক সকলে সহজতে কাম এটা লাভ কৰাত সহায় কৰিব আৰু মাউছৰ এটা ক্লিকতে নিয়োগকর্তাই দক্ষ কৰ্মচাৰীৰ যোগাযোগ কৰিবলৈ সক্ষম হ’ব। তেওঁ লগতে কয়”-দক্ষতা সমূহ নিৰবধি অনন্য আৰু মূলধন। যাৰ জৰিয়তে দক্ষতা আহৰণকাৰী জনে নিয়োগৰ সুবিধা লাভ কৰাই নহয় বৰঞ্চ এটা সন্তুষ্টিদায়ক জীৱন কটাবলৈও ই সহায়ক হৈ উঠে। তদুপৰি প্ৰধানমন্ত্ৰী গৰাকীয়ে দেশখনত উপলব্ধ দক্ষতাজনিত সুযোগ আহৰণৰ বাবে দেশখনৰ সম্ভাবনাৰ কথা উল্লেখ কৰে”। উল্লেখযোগ্য যে, প্রতি বছৰে ১৫ জুলাই দিনটোত উদযাপন কৰি অহা বিশ্ব যুৱ দক্ষতা দিৱস এই বৰ্ষটোত ভাৰ্চুৱেল ধৰণেৰে পালন কৰা হয়। এই সন্মিলনত দক্ষতা বিকাশ আৰু উদ্যোগশীলতা মন্ত্ৰী ডঃ মহেন্দ্ৰ নাথ পাণ্ডে,দক্ষতা বিকাশ আৰু উদ্যোগশীলা দপ্তৰৰ ৰাজ্যিক মন্ত্রী আৰ কে সিং আৰু লাৰ্ছেন এণ্ড টব্ৰো লিমিটেডেৰ গ্ৰুপ চেয়াৰমেন এ.এম নাইকে ভাষণ প্ৰদান কৰে।