বিশ্বক চেৰ পেলাই বিগত ৪ দিনত ভাৰতত কোৰোনাত আক্ৰান্ত সৰ্বাধিক লোক…

85

ডিজিটেল ডেস্ক:- ভাৰতত হ্ৰাস পোৱা নাই কোৰোনা ভাইৰাছৰ সন্ত্ৰাস। বৰং ভাৰতত কোভিড১৯ত আক্ৰান্তৰ সংখ্যাই বিগত ৪ দিনত বিশ্বৰ সকলো অভিলেখ ভংগ কৰিছে। এই তথ্য সদৰী কৰিছে বিশ্ব স্বাস্থ্য সংস্থাই।

বিশ্ব স্বাস্থ্য সংস্থাৰ তথ্য অনুসৰি ১ আগষ্টৰ পৰা ৭ আগষ্টলৈ ভাৰতত অধিক দ্ৰুতগতিত বৃদ্ধি পাইছে কোৰোনাৰ সংক্ৰমণ। ১ আগষ্টত আমেৰিকাত ৬৭,৮২৩ জন আক্ৰান্ত হোৱাৰ বিপৰীতে ব্ৰাজিলত আক্ৰান্ত হৈছিল ৫৭,৮৩৭ জন। আনহাতে ভাৰতত আক্ৰান্ত হৈছিল ৫৭,১১৮ জন।

সেইদৰে ২ আগষ্টত আমেৰিকাত ৬৭,৪৯৯, ব্ৰাজিলত ৫২,৩৮৩ আৰু ভাৰতত ৫৪,৭৩৫ জন আক্ৰান্ত হয়। ৩ আগষ্টত আমেৰিকাত ৫৮,৩৮৮ জন, ব্ৰাজিলত ৪৫,৩৯২ জন আৰু ভাৰতত ৫২,৯৭২ জন আক্ৰান্ত হয়। ৪ আগষ্টত আমেৰিকাত ৪৭,১৮৩ জন, ব্ৰাজিলত ২৫,৮০০ জন আক্ৰান্ত হোৱাৰ বিপৰীতে ভাৰতত সৰ্বাধিক ৫২,০৫০ জন কোৰোনা ভাইৰাছত আক্ৰান্ত হয়।

৫ আগষ্টতো বিশ্বৰ ভিতৰত সৰ্বাধিক কোৰোনা আক্ৰান্ত হয় ভাৰতত। সেই দিনটোত ভাৰতত আক্ৰান্ত হয় ৫২,৫০৯ জন। ৬ আগষ্টত বিশ্বৰ ভিতৰত সৰ্বাধিক ৫৬,২৮২ জন কোৰোনা ৰোগী চিনাক্ত হয় ভাৰতত। ৭ আগষ্টতো ভাৰতত ৬২,৫৩৮ জন কোৰোনা ৰোগী চিনাক্ত হয়।

দেশৰ স্বাস্থ্য বিভাগে সদৰী কৰা তথ্য অনুসৰি ভাৰতত বৰ্তমানলৈকে মুঠ ২০,৮৮,৬১১ জন কাৰণত আক্ৰান্ত হৈছে। আনহাতে যোৱা ২৪” ঘণ্টাত আক্ৰান্ত হৈছে ৬১,৫৩৮ জন। এই সময়ছোৱাত ভাৰতত ৯৩৩” জনৰ কোৰোনা আক্ৰান্ত হৈ মৃত্যু ঘটিছে।