বিশেষ ভাবে সক্ষম কিশোৰক প্ৰহাৰ কৰা ভৰলুমুখ থানাৰ আৰক্ষী কনিষ্ঠবল মুকুট বণিয়াক নিলম্বন

104

ষ্টাফৰিপৰ্টাৰ, গুৱাহাটীৰ ভৰলুত বৃহস্পতিবাৰে বিশেষভাৱে সক্ষম ১৭ বছৰীয়া এজন কিশোৰ আৰক্ষীৰ দ্বাৰা প্ৰহাৰ হোৱা ঘটনাৰ সন্দৰ্ভত অসম আৰক্ষীৰ সঞ্চালক প্ৰধান ভাস্কৰ জ্যোতি মহন্তই দুখ: প্ৰকাশ কৰিছে‌‌। এই ঘটনাত আৰক্ষীৰ ভুল স্বীকাৰ কৰি তেওঁ কয় “ৰাইজ অসম আৰক্ষীক ভুল নুবুজিব,ভৰলুৰ ঘটনাটোত আমাৰ ভুল স্বীকাৰ কৰিছোঁ। নপৰিব লগীয়া ব্যক্তিৰ পিঠিত দুৰ্ভাগ্যজনকভাৱে কোবটো পৰিছে। এয়া অসম আৰক্ষীৰ চৰিত্ৰ নহয়।”আনহাতে তেওঁ কয় ,”এই ঘটনাৰ পৰা শিশু সুৰক্ষা কেতিয়াও ব্যাহত নহয়। দুৰ্গত শিশুৰ বাবে বহু বছৰ ধৰি আশ্বাস প্ৰকল্পৰ জৰিয়তে অসম আৰক্ষীয়ে কাম কৰি আহিছে।” উল্লেখযোগ্য যে,ইতিমধ্যে কিশোৰগৰাকীৰ শান্তিপুৰৰ গৃহলৈ গৈ মহানগৰ আৰক্ষী আয়ুক্তই সমগ্ৰ ঘটনাৰ তদন্ত ঘোষণা কৰিছে। আনহাতে
ঔষধ আনিবলৈ যোৱা বিশেষ ভাবে সক্ষম কিশোৰক প্ৰহাৰ কৰা ভৰলুমুখ থানাৰ আৰক্ষী কনিষ্ঠবল মুকুট বণিয়াক নিলম্বন কৰা হৈছে।