বিশিষ্ট বাঁওপন্থী বুদ্ধিজীৱী- চিন্তাবিদ-সাহিত্যিক অনিল ৰায়চৌধুৰীৰ জীৱনাৱসান: মানৱ-কল্যাণৰ বাবে দেহদান

116

ইলোৰা বিজ্ঞান মঞ্চৰ শোক আৰু শ্ৰদ্ধাঞ্জলি

ষ্টাফ ৰিপোৰ্টাৰ, ১ মে’: স্বাধীনতা সংগ্ৰামী, প্ৰবীণ কমিউনিষ্ট নেতা তথা বিশিষ্ট লেখক-চিন্তাবিদ-বুদ্ধিজীৱী অনিল ৰায়চৌধুৰীৰ শুকুৰবাৰে পুৱা ৪ বজাত গুৱাহাটী-চানমাৰিৰ নিজ বাসভৱনত জীৱনাৱসান হয়। মৃত্যুৰ সময়ত তেখেতৰ বয়স হৈছিল ৯৪ বছৰ। স্বনামধন্য সাহিত্যিক গৰাকীয়ে দুজন পুত্ৰ, দুগৰাকী কন্যা, বোৱাৰী-জোঁৱাই-ভাতৃ-নাতি-নাতিনীসহ বহু আত্মীয়-স্বজন আৰু অগণন গুণমুগ্ধক এৰি গৈছে। মানৱদৰদী আৰু যুক্তিবাদী- বিজ্ঞানমনস্ক লেখক-সমালোচক গৰাকীৰ ‘শেষ-ইচ্ছা’ অনুযায়ী শুকুৰবাৰে তেওঁৰ মৰণোত্তৰ দেহ মানৱ-কল্যাণ তথা চিকিৎসা বিজ্ঞানৰ উৎকৰ্ষ সাধনৰ বাবে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষক দান কৰা হয়। ক’ৰ’না ভাইৰাছৰ সংক্ৰমণ প্ৰতিৰোধজনিত ‘লকডাউন’ৰ মাজতো সামাজিক-শাৰীৰিক দূৰত্ব অটুট ৰাখি গুৱাহাটী চিকিৎসা মহাবিদ্যালয় কৰ্তৃপক্ষ, ইলোৰা বিজ্ঞান মঞ্চ আৰু পুত্ৰ-জী-জোঁৱাই সমন্বিতে পৰিয়ালৰ সদস্যসকলে ৰায়চৌধুৰীৰ ‘শেষ-ইচ্ছা’ৰ প্ৰতি শ্ৰদ্ধা জনাই মৰণোত্তৰ দেহদান প্ৰক্ৰিয়াত পূৰ্ণ সহযোগিতা আগবঢ়ায়। ইলোৰা বিজ্ঞান মঞ্চই অনিল ৰায়চৌধুৰীৰ বিয়োগত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে মানৱহিতৈষী প্ৰগতিশীল লেখক গৰাকীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। মঞ্চই তেখেতৰ শোকবিহ্বল পুত্ৰ-কন্যা সমন্বিতে পৰিয়ালৰ সদস্যসকলৰ প্ৰতি সমবেদনা জ্ঞাপন কৰে।

১৯২৬ চনৰ ২৭ আগষ্টত বৰপেটাৰ প্ৰখ্যাত ৰায়চৌধুৰী পৰিয়ালত জন্মগ্ৰহণ কৰা অনিল ৰায়চৌধুৰীয়ে স্কুলীয়া জীৱনতে ৰাজনৈতিক কাম-কাজত অংশগ্ৰহণ কৰি ১৯৪২-৪৩ ৰ সময়ছোৱাত কংগ্ৰেছৰ স্বেচ্ছাসেৱক বাহিনীত যোগ দিয়ে আৰু পৰৱৰ্তী কালত অম্বিকাগিৰী ৰায়চৌধুৰীৰ নেতৃত্বত অসম জাতীয় সভাৰ সদস্য হয়। তেওঁ আছিল অম্বিকাগিৰীৰ একে বংশৰ লোক। ১৯৪৯-৫১ চনত বিপ্লৱী কমিউনিষ্ট পাৰ্টিৰ লগত যুক্ত হোৱাৰ পাছত তেওঁ চি পি আইৰ সদস্য পদ লয়। কিন্তু ১৯৬৪ চনত পাৰ্টি বিভক্ত হোৱাত অনিল ৰায়চৌধুৰীয়ে চি পি আই (এম) দলত যোগ দিয়ে আৰু মৃত্যুৰ সময়লৈকে এই দলৰে নিষ্ঠাবান সদস্য তথা নেতা হৈ থাকে। ১৯৬২ চনৰ চীন-ভাৰত সীমা বিবাদ আৰু ১৯৭৫ চনৰ জৰুৰী কালীন সময়ছোৱাত তেখেত দীৰ্ঘদিন কাৰাৰুদ্ধ হৈ আছিল।

মহাপুৰুষ শংকৰদেৱৰ দৰ্শনৰ এগৰাকী বস্তুনিষ্ঠ গৱেষক তথা লেখক হিচাপে অনিল ৰায়চৌধুৰী পৰিচিত। তেওঁ ৰচনা কৰা ‘অসমৰ সমাজ জীৱনত নৱবৈষ্ণৱবাদ’ এখন আপুৰুগীয়া গ্ৰন্থ। আন কেইবাখনো মূল্যবান গ্ৰন্থৰ ৰচক ৰায়চৌধুৰীয়ে অসমৰ সৃষ্টিশীল আৰু প্ৰগতিশীল সাহিত্যৰ জগতখনকো গল্প-উপন্যাস আদিৰ মাজেৰে চহকী কৰি গৈছে। নতুন সাহিত্য পৰিষদৰ তেওঁ প্ৰতিষ্ঠাপক প্ৰধান সম্পাদক আৰু সভাপতিৰ পদবীত কাৰ্যনিৰ্বাহ কৰিছিল। ১৯৫১ৰ পৰা ১৯৮৮ চনলৈ গুৱাহাটী বিশ্ববিদ্যালয়ত প্ৰশাসনিক পদত চাকৰি কৰি থকা অৱস্থাতে তেওঁ বিশ্ববিদ্যালয়ৰ কৰ্মচাৰী সংস্থা গঢ়ি তুলিছিল আৰু দক্ষতাৰে নেতৃত্বও দিছিল। সদৌ ভাৰত বিশ্ববিদ্যালয় কৰ্মচাৰী সংস্থাৰো তেওঁ সম্পাদক প্ৰধানৰ দায়িত্বত কাৰ্যনিৰ্বাহ কৰিছিল।
শুকুৰবাৰে গুৱাহাটী চিকিৎসা মহাবিদ্যালয়ৰ এনাট’মী বিভাগত অনুষ্ঠিত গাম্ভীৰ্যপূৰ্ণ মৰণোত্তৰ দেহদান অনুষ্ঠান পৰিচালনা কৰে ইলোৰা বিজ্ঞান মঞ্চৰ অন্যতম প্ৰতিষ্ঠাপক ইচফাকুৰ ৰহমানে। অনুষ্ঠানত মঞ্চৰ জগদীশ দত্ত, প্ৰণৱজ্যোতি ডেকা প্ৰমুখ্যে কৰ্মকতাসকলৰ উপৰি প্ৰয়াত ৰায়চৌধুৰীৰ পুত্ৰদ্বয় ক্ৰমে ভৰদ্বাজ ৰায়চৌধুৰী আৰু বিজয় ৰায়চৌধুৰী, কন্যা উৎপলা ৰায়চৌধুৰী আৰু ৰীনা ৰায়চৌধুৰী, জোঁৱাই জিতেন ডেকা, ভতিজা জোঁৱাই ডাঃ ভৱেশ ভাগৱতী প্ৰমুখ্যে পৰিয়ালৰ বহু সদস্য উপস্থিত থাকে আৰু অনিল ৰায়চৌধুৰীৰ প্ৰতি শ্ৰদ্ধা নিবেদন কৰে। গুৱাহাটীৰ চিকিৎসা মহাবিদ্যালয়ৰ কৰ্তৃপক্ষৰ হৈ উপাধ্যক্ষ ডাঃ জয়দেৱ শৰ্মা, এনাটমী বিভাগৰ ডাঃ সত্যজিৎ মিত্ৰ, ডাঃ আব্দুল আলিম, ডাঃ সুদীপ্ত প্ৰমুখ্যে শিক্ষক-অধ্যাপকসকল অনুষ্ঠানত উপস্থিত থাকি শ্ৰদ্ধা নিবেদন কৰে। উপাধ্যক্ষ ডাঃ শৰ্মাই মৰণোত্তৰ দেহ গ্ৰহণ কৰি চমু শ্ৰদ্ধাঞ্জলিসূচক বক্তব্যত অনিল ৰায়চৌধুৰীৰ বৈজ্ঞানিক মানসিকতা আৰু দেহদানৰ জৰিয়তে মৃত্যুৰ পাছতো মানৱসেৱাৰ উৎকৃষ্ট নিদৰ্শনক ভূয়সী প্ৰশংসা কৰে আৰু পৰিয়ালৰ সদস্যসকলৰ ভূমিকাৰ শলাগ লয়। উল্লেখ্য ডাঃ জয়দেৱ শৰ্মা ইলোৰা বিজ্ঞান মঞ্চৰো কাৰ্যকৰী সভাপতি। অনুস্থানত প্ৰয়াত ৰায়চৌধুৰীৰ ডাঙৰ জীয়ৰী উৎপলা ৰায়চৌধুৰীয়েও চমু বক্তব্য দাঙি ধৰি দেউতাকৰ মহানুভৱতাৰ বিষয়ে একাষাৰ কয়।