ষ্টাফৰিপোৰ্টাৰ, ১৫ এপ্ৰিল :: বিশিষ্ট গীতিকাৰ, সুৰকাৰ, “শ্ৰীময়ী অসমীৰ” স্ৰষ্টা প্ৰয়াত পুৰুষোত্তম দাসৰ পত্নী সবিত্ৰী দাসৰ মঙলবাৰে সন্ধিয়া ৫.৪৫ বজাত মৃত্যু হয়। বাৰ্ধক্য জনিত কাৰণত মৃত্যু হোৱা সাবিত্ৰী দাসৰ মৃত্যুৰ সময়ত বয়স আছিল ৮৮ বছৰ। গোৱালপাৰাত জন্ম গ্ৰহণ কৰা সাবিত্ৰী দাসে
প্ৰয়াত পুৰুষোত্তম দাসৰ বিভিন্ন সৃষ্টি ৰাজীৰ সৈতে জড়িত থকাৰ লগতে সৃষ্টি ৰাজী সযতনে ৰাখিছিল। তেওঁ কেইবাটাও কবিতা লিখিছিল, লগতে আবৃত্তি কৰি খুব ভাল পাইছিল। নিজৰ ঘৰখন সুন্দৰ ভাবে পৰিচালনা কৰি এগৰাকী আদৰ্শ মাতৃৰ পৰিচয় দাঙি ধৰিছিল।
গুৱাহাটীৰ অম্বিকানগৰ নিগাজীপামত নিজ কন্যাৰ সৈতে বাস কৰা সাবিত্ৰী দাস অঞ্চলটোৰ বিভিন্ন অনুষ্ঠান প্ৰতিষ্ঠান তথা বিভিন্ন সামাজিক-সাংস্কৃতিক অনুষ্ঠানৰ সৈতে জড়িত আছিল। মৃত্যুৰ সময়ত একমাত্ৰ জীয়ৰী, দুগৰাকী নাতিনী ক্ৰমে নন্দিতা দাস, নয়না দাস, পৰিয়ালবৰ্গক এৰি থৈ যায়। নৱগ্ৰহ শ্মশানত তেওঁৰ শেষকৃত্য সম্পন্ন কৰা হয়। নৱগ্ৰহ শ্মশানত তেওঁৰ জীয়ৰী জোনালী দাসে মুগাগ্নি সম্পন্ন কৰে। গুৱাহাটী বিহু সন্মিলনীয়ে তেওঁৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোক সন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ বেদনা জ্ঞাপন কৰে। ইফালে সদৌ অসম ছাত্ৰ সন্থা, সদৌ গুৱাহাটী ছাত্ৰ সন্থা, ড০ ভূপেন হাজৰিকা ফাউণ্ডেচনে সাবিত্ৰী দাসৰ মৃত্যুত গভীৰ শোক প্ৰকাশ কৰাৰ লগতে শোকসন্তপ্ত পৰিয়াল বৰ্গলৈ গভীৰ সমবেদনা জ্ঞাপন কৰে।