বিজ্ঞান শাখাত প্ৰথম স্থান অধিকাৰ কৰা অবিনাশে মেট্ৰিকতো লাভ কৰিছিল ৰাজ্যৰ ভিতৰতে দ্বিতীয় স্থান

150

উচ্চতৰ মাধ্যমিকৰ চূড়ান্ত পৰীক্ষাৰ বিজ্ঞান শাখাত প্ৰথম স্থান লাভ কৰিছে পাঠশালাৰ আনন্দৰাম বৰুৱা একাডেমীৰ অবিনাশ কলিতাই। অবিনাশৰ ঘৰ বজালীৰ নিত্যানন্দত। অবিনাশে লাভ কৰিছে মুঠ ৪৮৬ নম্বৰ। ২০১৮ বৰ্ষত মেট্ৰিকতো অসমৰ ভিতৰতে অবিনাশে লাভ কৰিছিল দ্বিতীয় স্থান। পিতৃ নিৰ্মল কলিতা ভেঞ্চাৰ স্কুলৰ শিক্ষক। ২০০৩ বৰ্ষৰ পৰা অপ্ৰাদেশিকৃত হাইস্কুলত শিক্ষকতা কৰি আছে পিতৃয়ে। আৰ্থিক সমস্যাত জুৰুলা অবিনাশৰ পঢ়াৰ ক্ষেত্ৰত সহায়–সহযোগিতা আগবঢ়াই আহিছে আনন্দৰাম বৰুৱা একাডেমীয়ে।