বিজেপি সাংসদ গৌতম গম্ভীৰলৈ আইএছআইএছৰ হত্যাৰ ভাবুকি। ইমেইল যোগে বিজেপি সাংসদগৰাকীয়ে লাভ কৰিছে এই হত্যাৰ ভাবুকি। উল্লেখ্য যে, ইয়াৰ পূৰ্বেও গৌতম গম্ভীৰক দুবাৰকৈ হত্যাৰ ভাবুকি প্ৰদান কৰিছিল সন্ত্ৰাসবাদী সংগঠনটোৱে।
গৌতম গম্ভীৰে মেইল সন্দৰ্ভত আৰক্ষীৰ ওচৰত এটা অভিযোগ দাখিল কৰে। যাৰ পিছত তেওঁৰ ঘৰত নিৰাপত্তা বৃদ্ধি কৰা হৈছে। দিল্লী আৰক্ষীৰ সকলো সংস্থাইও অনুসন্ধান অব্যাহত ৰাখিছে।
আনহাতে জানিব পৰা মতে, এই মেইলটোত দিল্লী আৰক্ষীৰ কথাও উল্লেখ আছে। দিল্লী আৰক্ষীৰ ভিতৰতো সত্ৰাসবাদী সংগঠনটোৰ চোৰাংচোৱা উপস্থিত আছে বুলি উল্লেখ কৰা হৈছে ভাবুকিভৰা মেইলটোত।
মেইলটো লাভ কৰাৰ পিছতে দিল্লী আৰক্ষীত উত্তেজনা বৃদ্ধি পাইছে। গৌতম গম্ভীৰক সুৰক্ষা দিয়াৰ বাবে দৃঢ় পদক্ষেপ লোৱা হৈছে। মেইলত গুপ্তচৰৰ কথা উল্লেখ কৰাৰ পিছত দিল্লী আৰক্ষীয়ে তদন্ত আৰম্ভ কৰিছে।