বিগত ২৪ ঘণ্টাত ভাৰতত ৬১,৮৭১ জন কোভিড সংক্ৰমণ, ১০৩৩ জনৰ মৃত্যু

50

ডিজিটেল ডেস্কঃ যোৱা ২৪ ঘণ্টাত ভাৰতত পুনৰ কোৰোনাত আক্ৰান্ত হৈছে ৬১,৮৭১ জন। কেন্দ্ৰীয় স্বাস্থ্য মন্ত্ৰণালয়ে সদৰী কৰা তথ্য অনুসৰি, এই সময়ছোৱাত দেশত ১০৩৩ জন লোকৰ কোভিড আক্ৰান্ত হৈ মৃত্যু ঘটিছে।

ইয়াৰ লগে লগে ভাৰতত কোৰোনাৰ মুঠ আক্ৰান্তৰ সংখ্যা হৈছেগৈ ৭৪,৯৪,৫৫২ জন। আনহাতে ইয়াৰে ৬৫,৯৭,২১০ জন সুস্থ হৈ উঠিছে। বৰ্তমানেও চিকিৎসাধীন হৈ আছে ৭,৮৩,৩১১ জন। ভাৰতত কোভিড আক্ৰান্ত হৈ মৃত্যু ঘটা লোকৰ সংখ্যা বৃদ্ধি পাইছেগৈ ১,১৪,০৩১ জনলৈ।