নিউজ ডেস্কঃ বাল্য বিবাহৰ গোচৰত গ্ৰেপ্তাৰ কৰা অবৈধ স্বামীক ৰাখিবলৈ ঠাইৰ অভাৱ ঘটিছে কাৰাগাৰাত।
যাৰ বাবে শিলচৰত বৰ্তমান নিৰ্মাণকাৰ্য চলি আছে অস্থায়ী কাৰাগাৰৰ।
অবৈধ স্বামীৰ বাবে অস্থায়ী কাৰাগাৰ নিৰ্মাণত দিনে-নিশাই ব্যস্ত হৈ পৰিছে শ্ৰমিক।
উল্লেখ্য যে সমগ্ৰ ৰাজ্যত এতিয়ালৈকে ২৫০০ৰো অধিক লোকক বাল্য বিবাহৰ গোচৰত গ্ৰেপ্তাৰ কৰা হৈছে।
এই লোকসকলক ৰাখিবলৈ দুই এদিনৰ ভিতৰতে অস্থায়ী কাৰাগাৰৰ নিৰ্মাণ সম্পূৰ্ণ হব বুলি প্ৰকাশ কৰিছে আৰক্ষীয়ে।
কাছাৰৰ অধীক্ষক নোমল মহত্তই প্ৰকাশ কৰা মতে, আগন্তুক দিনত আৰু অধিক লোকক গ্ৰেপ্তাৰ কৰিব আৰক্ষীয়ে।
যাৰ বাবে প্ৰয়োজন হৈছে অস্থায়ী কাৰাগাৰৰ।
ইফালে বাল্য বিবাহৰ গোচৰত গ্ৰেপ্তাৰ হোৱা লোকসকলক ৰখাৰ বাবে অস্থায়ী কাৰাগাৰলৈ ৰূপান্তৰিত কৰা মাটিয়াৰ ট্ৰেনজিট কেম্প আৰু শিলচৰৰ এখন ষ্টেডিয়ামৰ সন্মুখত প্ৰতিবাদ সাব্যস্ত কৰে একাংশ মহিলাই।
মুখ্যমন্ত্ৰী হিমন্ত শৰ্মাই কয় যে বাল্যবিবাহৰ দমন অব্যাহত থাকিব আৰু প্ৰয়োজন হ’লে ২০২৬ চনৰ পৰৱৰ্তী ৰাজ্যিক নিৰ্বাচনলৈকে এই অভিযান চলিব।
এই দমনৰ ন্যায্যতা প্ৰদান কৰি শৰ্মাই কয় যে যোৱা বছৰ ৰাজ্যখনত ৬.২ লাখৰো অধিক গৰ্ভৱতী মহিলাৰ ভিতৰত কিশোৰীৰ গৰ্ভধাৰণৰ সংখ্যা আছিল প্ৰায় ১৭ শতাংশ।
বিৰোধী দলসমূহে ইয়াক চলোৱাৰ ধৰণক সমালোচনা কৰি কিশোৰ স্বামী আৰু পৰিয়ালৰ সদস্যক ৰাজনৈতিক লাভালাভৰ বাবে “আইনৰ অপব্যৱহাৰ” বুলি অভিহিত কৰি আৰক্ষীৰ এই কাৰ্যক “মানুহক আতংকিত কৰা”ৰ সৈতে সমান কৰিছে।