বলেৰ’ বাহনৰ ওপৰত বাগৰিল চিমেণ্টভৰ্তি ট্ৰাক, ৬ জনৰ মৃত্যু

111

এক ভয়ংকৰ পথ দুৰ্ঘটনা।

বলেৰ’ বাহনৰ ওপৰত চিমেণ্টভৰ্তি ট্ৰাক বাগৰি থিতাতে নিহত ৬ গৰাকী।

মেঘালয়ৰ নংপুত দেওবাৰে সংঘটিত হয় এই ভয়ংকৰ পথ দুৰ্ঘটনাটো।

দুৰ্ঘটনাত নিহত হয় বলেৰ’ বাহনখনৰ ৬ জনকৈ আৰোহী।

দুৰ্ঘটনাগ্রস্ত বাহনখন আছিল অসমৰ বৰমাস্থিত চেইণ্ট জ’নচ উঃ মাঃ বিদ্যালয়ৰ।

দুৰ্ঘটনাত নিহত ফাদাৰ, হেড মিষ্ট্রেছসহ ৬জনকৈ লোকৰ।

মৃত সকল ক্ৰমে- ফাদাৰ মেথিউ দাস, হেড মিষ্ট্রেচ মিলগ্রীন ডেণ্টেচ,শিক্ষক মাইৰণ ৰেঞ্জাৰ, ছিষ্টাৰ প্রেমিলা টিৰ্কী, ৰ’জী ন’নগ্রীন।লগতে মৃত্যু গাড়ী চালক সঞ্জয় স্বৰ্গীয়াৰীৰ।

দুৰ্ঘটনাগ্রস্ত বলেৰ’ বাহনখনৰ নম্বৰ AS-26 B 7908।