বলিউড ড্ৰাগছ কাণ্ড: অভিনেতা অৰ্জুন ৰামপালৰ প্ৰেয়সীৰ ভাতৃক গ্ৰেপ্তাৰ

52

ডিজিটেল ডেস্ক: বলিউডৰ ড্ৰাগছ মাফিয়া। নাৰকটিক কোনট্ৰল ব্যুৰৰ জালত পৰিছে ইজনৰ পিছত সিজন। পোহৰলৈ আহিছে বহু নামি দামী ব্যক্তিৰ নাম।

অভিনেতা সুশান্ত সিং ৰাজপুতৰ মৃত্যুৰ তদন্তত পোহৰলৈ অহা ড্ৰাগছ কাণ্ডত প্ৰতিদিনেই পোহৰলৈ আহিছে নতুন নতুন মানুহৰ নাম। শেহতীয়াকৈ এনচিবিয়ে গ্ৰেপ্তাৰ কৰিছে অভিনেতা অৰ্জুন ৰামপালৰ প্ৰেয়সীৰ ভাতৃ এগিছলচ ডেমেট্ৰিডেচক। দেওবাৰে অভিযান চলোৱাৰ সময়ত এগিছলছৰ এনচিবিয়ে জব্দ কৰিছে চাৰছ আৰু এলপ্ৰজ্বলাম।

উল্লেখ্য যে ইতিমধ্যে এনচিবিয়ে ড্ৰাগছ সৰবৰাহ কাণ্ডৰ সৈতে জড়িত থকাৰ অভিযোগত গ্ৰেপ্তাৰ কৰিছে অভিনেত্ৰী ৰিয়া চক্ৰৱৰ্তী আৰু ভাতৃ সোভিকক। ৰিয়াৰ জামিন আদালতে মঞ্জুৰ কৰিলেও সোভিক এতিয়াও কাৰাগৰৰ বন্ধ কুঠৰীত আবদ্ধ।

আনহাতে বলিউডৰ এই ড্ৰাগছ কাণ্ডত নাম সাঙোৰ খাইছে অভিনেত্ৰী দীপিকা পাদুকণ, ৰকুল প্ৰীত কৌৰ, দিয়া মিৰ্জাৰ দৰে তাৰকাৰ নাম। নাৰকটিক কনট্ৰল ব্যুৰই অব্যাহত ৰাখিছে তদন্ত। হয়তো আগন্তুক সময়ত এই তদন্তত পোহৰলৈ আহিব পাৰে আন বহু তাৰকা শিল্পীৰ নাম।