নিশা চিৰাং জিলাৰ বিজনীৰ পানবাৰী বজাৰত থকা বড়ো সাহিত্য সভাৰ কাৰ্যালয়ত ভয়ংকৰ অগ্নিকাণ্ড ঘটনা সংঘটিত হয়।
স্থানীয় ৰাইজে অগ্নি নিৰ্বাপন কৰিবলৈ চেষ্টা অব্যাহত ৰাখিছে যদিও জুই নিৰ্বাপন কৰিবলৈ সক্ষম হোৱা নাই,
বিজনীৰ দুখনকৈ অগ্নি নিৰ্বাপক বাহিনীৰ গাড়ী উপস্থিত হৈ জুই নিৰ্বাপন কৰাৰ চেষ্টা অব্যাহত ৰাখিছে।
অগ্নিকাণ্ডৰ কাৰণ বৰ্তমান লৈ জানিব পৰা হোৱা নাই।
দুষ্কৃতিকাৰীয়ে অগ্নি সংযোগ কৰাৰ সন্দেহ পাণবাৰী বড়ো সাহিত্য সভাৰ সভাপতি অৰ্জুন চন্দ্ৰ বড়োৰ।
জুই লগোৱাজন পাগলেই হ’ব, ভাল মানুহ হবই নোৱাৰে।ভাল মানুহে সাহিত্য সভাৰ কাৰ্যালয়ত জুই নলগায় বুলি মন্তব্য কৰে।