বঙাইগাঁও ষ্টেছনত নিৰ্মীয়মান প্লেটফৰ্মৰ শ্বেড খহি আহত ৮ শ্ৰমিক

123

বঙাইগাঁও ৰে’লৱে ষ্টেচনত নিৰ্মাণৰত প্লেটফৰ্মৰ শ্বেড খহি পৰাত কমেও ৮ জন শ্ৰমিক আহত হয়, ইয়াৰে তিনিজনৰ অৱস্থা গুৰুতৰ বুলি জানিব পৰা গৈছে।

বঙাইগাঁও আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাই জনোৱা মতে, সন্ধিয়া প্ৰায় ৫.৪৫ বজাত ওভাৰহেড শ্বেডৰ তলত শ্ৰমিকৰ দল এটাই কাম কৰি থকাৰ সময়তে ভাঙি পৰাত এই ঘটনা সংঘটিত হয়।

এছপি ডেকাই কয়, “অভাৰহেড শ্বেডটো ফিট কৰাৰ সময়ত ভাৰসাম্য হেৰুৱাই পেলাইছিল। মুঠ ৮ জন শ্ৰমিক আহত হৈছে। তিনিজনৰ অৱস্থা গুৰুতৰ আৰু তেওঁলোকক এখন ব্যক্তিগত চিকিৎসালয়ত ভৰ্তি কৰোৱা হৈছে, আনহাতে বাকী পাঁচগৰাকী অসামৰিক চিকিৎসালয়ত চিকিৎসাধীন হৈ আছে।’

ত্ৰিৱেণী কনষ্ট্ৰাকচন নামৰ এটা প্ৰতিষ্ঠানে চুক্তিবদ্ধ ভিত্তিত কাম হাতত লৈ আছিল আৰু দুৰ্ঘটনাৰ সময়ত কোম্পানীটোৰ কোনো বিষয়া উপস্থিত নাছিল। প্ৰতিষ্ঠানটোৰ নিম্নমানৰ কামৰ বাবেই এই দুৰ্ঘটনা সংঘটিত হোৱাৰ অভিযোগ উত্থাপন হৈছে।