বঙাইগাঁও জিলা কৃষি বিভাগৰ কৃষক সন্মান নিধিৰ চাৰ্ভাৰ হেক কৰি আটক ২ যুৱক

106

বঙাইগাঁও জিলা কৃষি বিভাগৰ কৃষক সন্মান নিধিৰ চাৰ্ভাৰ হেক কৰি আৰক্ষীৰ জালত পৰিল খাৰুপেটিয়াৰ দুই যুৱক ৷ ধৃত যুৱকদ্বয় দৰং জিলাৰ খাৰুপেটিয়া থানাৰ অন্তৰ্গত চিনালুবাৰীৰ ৰেজাউল হক (২১) আৰু ৰিজাউল কৰিম (২১) বুলি জানিব পৰা গৈছে৷

জানিব পৰা মতে, যোৱা ৩০ ছেপ্টেম্বৰত বঙাইগাঁও জিলা কৃষি বিষয়া সঞ্জয় সেনগুপ্তাই বঙাইগাঁও থানাত কৃষক সন্মান নিধিৰ চাৰ্ভাৰ হেক হোৱা বুলি আৰক্ষীক অৱগত কৰে ৷ প্ৰাপ্ত অভিযোগ অনুসৰি বঙাইগাঁও থানাত ৮১০ /২১ নং গোচৰ ৰুজু কৰি আৰক্ষীয়ে তদন্ত আৰম্ভ কৰে ৷ তদন্ত কালত যোৱা ১৭ ৰ পৰা ২৮ জুলাইলৈ ২৪৬৭ গৰাকী আৰু ২৬ ৰ পৰা ৩০ ছেপ্টেম্বৰলৈ ৭২৫ গৰাকী লোকে চাৰ্ভাৰ হেক কৰি হিতাধিকাৰীৰ তালিকাত নাম সন্নিৱিষ্ট কৰিবলৈ সক্ষম হোৱা বুলি আৰক্ষীৰ তদন্তত পোহৰলৈ আহে।

ৰাজ্যৰ বিভিন্ন প্ৰান্তৰ বেংকত এইসমুহ লোকৰ নামত বেংকত একাউন্ট খুলি চৰকাৰী ধন আত্মসাৎ কৰাৰ ষড়যন্ত্ৰ পোহৰলৈ অহাৰ পিছতে আৰক্ষীয়ে তৎপৰতাৰে তদন্ত আগুৱাই নিয়ে ৷ জিলা আৰক্ষী অধীক্ষক স্বপ্ননীল ডেকাৰ তত্বাৱধানত আৰক্ষীয়ে অভিযান চলাই খাৰুপেটিয়াৰ দুই যুৱকে কৃষক সন্মান নিধিৰ চাৰ্ভাৰ হেক কৰি চৰকাৰী ধন আত্মসাত কৰাৰ ষড়যন্ত্ৰৰ বিষয়ে আৰক্ষীৰ তদন্তত ধৰা পৰে ৷ সেই মতে বঙাইগাঁও আৰক্ষীৰ দলে খাৰুপেটিয়াৰ পৰা দুই যুৱকক কৰায়ত্ত কৰে ৷

এই সন্দৰ্ভত অতিৰিক্ত আৰক্ষী অধীক্ষক লুনা সোণোৱালে জনোৱা মতে ধৃত ৰেজাউল কৰিমে ইয়াৰ পূৰ্বেও খাৰুপেটিয়া থানাত ৰুজু গোচৰৰ ভিত্তিত গ্ৰেপ্তাৰ হৈছিল ৷ কৃষক সন্মান নিধিৰ চাৰ্ভাৰ হেক কৰাৰ ঘটনাত আন এজন যুৱক জড়িত আছে বুলি জানিব দি সম্প্ৰতি অভিযুক্তৰ সন্ধানত অভিযান অব্যাহত ৰাখিছে ৷ ধৃত দুয়োৰে পৰা লেপটপ দুটা, চিপিইউ এটা, কেইবাখনো বেংকৰ পাছবুক, এটিএমকে ধৰি কেইবাখনো নথি পত্ৰ উদ্ধাৰ কৰিবলৈ সক্ষম হয় ৷ বিশেষ কাৰিকৰী কৌশল অৱলম্বন কৰি যুৱকদ্বয়ে চৰকাৰী চাৰ্ভাৰ হেক কৰিবলৈ সক্ষম হোৱা বুলি অতিৰিক্ত আৰক্ষী অধীক্ষক লুণা সোণোৱালে জানিব দিছে ৷