বংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ৫ লাখ টকাৰ জৰিমণা আদালতৰ

123

নন্দীগ্ৰাম গোচৰত পশ্চিমবংগৰ মুখ্যমন্ত্ৰী মমতা বেনাৰ্জীক ৫ লাখ টকাৰ জৰিমণা বিহিছে কলকতা উচ্চ ন্যায়ালয়ে। বুধবাৰে আদালতে মমতা বেনাৰ্জীৰ ওপৰত ক্ষোভ ব্যক্ত কৰাৰ লগতে সাংবিধানিক মৰ্যাদা হানি কৰাৰ অভিযোগত এই জৰিমণা বিহে।

উল্লেখ্য যে, নন্দীগ্ৰাম গোচৰৰ শুনানিৰ পৰা ন্যায়াধীশ কৌশিক চন্দাক আঁতৰাই ৰখাৰ বাবে আবেদন জনাইছিল মমতা বেনাৰ্জীয়ে। তেওঁ মুখ্য ন্যায়াধীশলৈ লিখা এখন পত্ৰত ন্যায়াধীশ কৌশিক চন্দা বিজেপিৰ সৈতে জড়িত থকাৰ অভিযোগ তুলিছিল। মমতা বেনাৰ্জীৰ এই অভিযোগৰ বিপৰীতে ন্যায়াধীশ কৌশিক চন্দাই এয়া মুখ্যমন্ত্ৰীগৰাকীৰ পূৰ্ব পৰিকল্পিত পদক্ষেপ বুলি প্ৰত্যাভিযোগ কৰে।

আনহাতে নন্দীগ্ৰাম গোচৰৰ শুনানিৰ পৰা ইতিমধ্যে কৌশিক চন্দাই প্ৰস্থান কৰিছে।