দেশৰ প্ৰাক্তন ৰাষ্ট্ৰপতি প্ৰয়াত প্ৰণৱ মুখাৰ্জীৰ পুত্ৰ অভিজিৎ বেনাৰ্জীয়ে যোগ দিব তৃণমূল কংগ্ৰেছত। খবৰ অনুসৰি, সোমবাৰে বিয়লি ৪ বজাত কলকতাত অনুষ্ঠিত হবলগীয়া এক যোগদান সমাৰোহত অভিজিৎ বেনাৰ্জীয়ে তৃণমূল কংগ্ৰেছত আনুষ্ঠানিকভাৱে যোগদান কৰিব।
উল্লেখ্য যে, যোৱা সপ্তাহত অভিজিৎ মুখাৰ্জীয়ে কংগ্ৰেছ ত্যাগ কৰাৰ বিষয়ে চৰ্চা চলাৰ সময়তে প্ৰাক্তন ৰাষ্ট্ৰপতিগৰাকীৰ পুত্ৰই টুইটযোগে এই খবৰ ভুৱা আৰু ভিত্তিহীন আখ্যা দিছিল। তেওঁ কংগ্ৰেছতে থাকিব বুলি আশ্বস্ত প্ৰদান কৰিলেও পৰৱৰ্তী সময়ত অভিজিৎ মুখাৰ্জীয়ে তৃণমূল কংগ্ৰেছৰ কেইবাগৰাকীও শীৰ্ষ নেতাক সাক্ষাৎ কৰাৰ বিষয়ে পুনৰ খবৰ প্ৰকাশ পায়।
ইফালে এই খবৰ কিমান সত্য সেয়া বৰ্তমানলৈ স্পষ্ট নহ’লেও আজি সন্ধিয়াৰ ভাগলৈ সকলো পোহৰলৈ আহিব। যদি অভিজিৎ মুখাৰ্জীয়ে তৃণমূল কংগ্ৰেছত যোগদান কৰে, তেন্তে পশ্চিম বংগত কংগ্ৰেছৰ বাবে এয়া বৃহৎ ক্ষতি হিচাপে পৰিগণিত হব বুলি ৰাজনৈতিক বিশ্লেষকসকলে মত প্ৰকাশ কৰিছে।