ষ্টাফৰিপোৰ্টাৰ, ২২ মে’ : প্ৰাক্তন ক্ৰিকেটাৰ তথা প্ৰশিক্ষক উৎপল কলিতাৰ মৃত্যু শুকুৰবাৰে মৃত্যু হয়। এক শোকাৱহ পথ দুৰ্ঘটনাত প্ৰাণ হেৰুৱাব লগীয়া হয় কলিতাই।
গুৱাহাটীৰ পৰা গোৱালপাৰা যোৱাৰ পথত সংঘটিত হয় এই পথ দুৰ্ঘটনাটো। ৩৬ বছৰীয়া উৎপল কলিতাৰ মৃত্যুত গোৱালপাৰাত শোকৰ ছাঁ পৰে। প্ৰাক্তন ক্ৰিকেটাৰজনৰ মৃত্যুত অসম ক্ৰিকেট সন্থা আৰু প্ৰবীণ ক্ৰিকেট সংস্থাই শোকপ্ৰকাশ কৰে।