প্ৰবল বৃষ্টিপাত! কেৰালাত ভূমিস্খলনত ৫ জনৰ মৃত্যু

104

ডিজিটেল ডেস্ক:- এফালে কোৰোনাৰ সংহাৰ, আনফালে কেইবাখনো ৰাজ্যত বানে কাঢ়িছে প্ৰাণ। প্ৰবল বৃষ্টিপাতৰ ফলত বৃদ্ধি পোৱা নৈৰ জলস্তৰে অসমৰ লগতে কেৰালা, তামিলনাডু আদি কেইবাখনো ৰাজ্যত বিভীষিকাৰ সৃষ্টি কৰিছে।

শেহতীয়া খবৰ অনুসৰি কেৰালাৰ ইডুক্কি জিলাত বৃহস্পতিবাৰে প্ৰবল বৃষ্টিপাতৰ ফলত ভূমিস্খলন হৈ ৫ জন লোক নিহত হয়। ইয়াৰ উপৰিও আহত হয় আন কেইবাজনো।

জানিব পৰা মতে যোৱা ৩ দিন ধৰি হৈ থকা ধাৰাসাৰ বৰষুণৰ ফলত জিলাখনৰ ৰাজমলা অঞ্চলত এখন দলং খহি পৰে। যাৰ ফলত অঞ্চলটোৰ নিবাসী ৫ জন লোক নিহত হয়। উল্লেখ্য যে বতৰ বিজ্ঞান কেন্দ্ৰই বুধবাৰেই প্ৰবল বৃষ্টিপাতৰ সম্ভাৱনা কৰি ৰেড এলাৰ্ট জাৰি কৰিছিল অঞ্চলটোত।